Bharat Taxi: অ’লা-উবেৰক প্ৰত্যাহ্বান জনাবলৈ আহি আছে ভাৰত টেক্সি !

এইবাৰ অলা-উবেৰৰ দৰে (Bharat Taxi) কেব সেৱাই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে৷ কাৰণ আহি আছে চৰকাৰী সেৱা – ভাৰত টেক্সি৷ ভাৰত টেক্সিৰ জৰিয়তে আৰম্ভ হ’ব দেশৰ প্ৰথমটো সমবায় টেক্সি সেৱা৷ ডিচেম্বৰৰ পৰা বৃহৎ পৰিসৰত এই সেৱা আৰম্ভ হ’ব৷ অৱশ্যে নৱেম্বৰ মাহত দিল্লীত আৰম্ভ হ’ব পাইলট প্ৰজেক্ট৷

এই পাইলট প্ৰজেক্টত ৬৫০ জন চালক আৰু গাড়ীৰ মালিক জড়িত হ’ব৷ অৰ্থাৎ সেই সময়ত সমবায় কেব সেৱাৰ বাবে ৬৫০খন গাড়ী আৱণ্টন দিয়া হৈছে৷ ইয়াৰ পিছত ডিচেম্বৰৰ পৰা এই সেৱা সম্প্ৰসাৰণ কৰি ক্ৰমান্বয়ে দেশৰ অন্যান্য চহৰতো উপলব্ধ হ’ব৷ জানিব পৰা মতে ডিচেম্বৰৰ ভিতৰত প্ৰায় প্ত হাজাৰ চালকে এই সেৱাত যোগদান কৰিব৷

এই কেন্দ্ৰটোৰ লক্ষ্য হৈছে ২০২৬ চনৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো মেট্ৰ’ চহৰতে এই কেব সেৱা আৰম্ভ কৰা৷ আৰু লক্ষ্য ২০৩০ চনৰ ভিতৰত এই প্লেটফৰ্মত ৰ লাখ চালকক সংযোগ কৰা৷ সেই ক্ষেত্ৰত সাধাৰণ মানুহে এই সেৱাৰ সুযোগ সকলো জিলা সদৰ আৰু গ্ৰাম্য অঞ্চলতো পাব৷ জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বিভাগে যৌথভাৱে এই সেৱা পৃষ্ঠভূমি নিৰ্মাণ কৰিছে৷

আৰু সেই কাৰণেই কেন্দ্ৰই সহকাৰী টেক্সি সমবায় লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ ই ব্যক্তিগত সংগঠন নহয়, সমবায় হ’ব৷ সেয়ে বাহনৰ মালিকৰ সৈতে চালকসকলো সহ-মালিক হ’ব৷ সংগঠনটোৰ সকলো কাম-কাজ চোৱাচিতা কৰিবলৈ এখন পৰিষদ গঠন কৰা হৈছে৷ ইয়াৰ সমান্তৰালকৈ বিভিন্ন সমবায় সমিতিৰ আৰু আঠজন সদস্যকো সংযোজন কৰা হৈছে৷

Related Articles