Breaking

বিলাসীপাৰা শালকোচা মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন

0 53

সমগ্ৰ দেশৰ লগতে বিলাসীপাৰা শালকোচা মণ্ডলতো বিজেপিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। বিজেপিৰ শালকোচা মণ্ডলৰ সভাপতি পতুল চন্দ্ৰ বৰ্মনৰ নেতৃত্বত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ পৰা দলীয় পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বন্দেমাতৰম গীত পৰিৱেশন, টিভি যোগে সম্প্ৰচাৰিত প্ৰতিষ্ঠা দিৱস দলীয় কৰ্মীসকলে উপভোগ কৰা, দলীয় সম্পৰ্কীয় ভাষণ, বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা জ্ঞাপন আদি।

আজিৰ প্ৰতিষ্ঠা দিৱস উদযাপনত উপস্থিত থাকে বিজেপিৰ বিলাসীপাৰা জিলা প্ৰভাৰী নৃপেন নাথ, বিজেপিৰ বিলাসীপাৰা জিলা সাধাৰণ সম্পাদক জয়ন্ত নাথকে ধৰি বিজেপিৰ বিভিন্ন বিভাগৰ কাৰ্যকৰ্তাসকল।

Leave A Reply