Breaking

ঘগ্ৰাপাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন

0 1,535

ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মন্ডল যুৱ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহ সভাত আজি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি ভাষণত যূৱ শক্তি -ৰাষ্ট্ৰ শক্তি এক বুলি মন্তব্য প্ৰদান কৰে।লগতে বিধায়কগৰাকীয়ে নিজৰ ভাষণত ভাৰতবৰ্ষ এখন যুৱ দেশ, এই যুৱশক্তিক আমি আমাৰ এক চালিকা শক্তিত ৰূপান্তৰিত কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ দেশ আৰু আমাৰ সংগঠনক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ঘগ্ৰাপাৰস্থিত মন্ডল বিজেপিৰ কাৰ্যলয়ত অনুষ্ঠিত যুৱমৰ্চাৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনৰ সভাপতিত্ব কৰে বড়িগোগ বনভাগ মন্ডল যুৱ মৰ্চাৰ সভাপতি সুৰেশ কলিতাই। উক্ত সভাত উপস্থিত থাকে ক্ৰমে — ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা,সম্পাদক দিপেন কলিতা,নন্দলাল চৰকাৰ,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই নিজৰ নিজৰ ভাষণত আগন্তুক দিনত যুৱ মৰ্চাৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায়। বড়িগোগ বনভাগ মন্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হেমাংগ দাসে আঁত ধৰা সভাখনত দলটোৰ আন আন কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply