শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত(Bhargavastra)আছে এক বিশেষ অস্ত্ৰ৷ এইবাৰ ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ ‘ভাৰ্গবাস্ত্ৰ’ৰ সৃষ্টি কৰা হৈছে৷ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এই মিছাইলটো সফলতাৰে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়৷ এই ক্ষেপণাস্ত্ৰসমূহে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে৷ শেহতীয়াকৈ ভাৰত-পাক সংঘাতৰ সময়ত পাকিস্তানৰ পৰা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল৷ ইয়াৰ বেছি ভাগেই ভাৰতে প্ৰতিহত কৰিছে৷ এনে পৰিস্থিতিত মঙলবাৰে ওড়িশাৰ গোপালপুৰ উপকূলত থলুৱা ‘মাইক্ৰ’ মিছাইল’ পৰীক্ষা কৰা হৈছিল আৰু সফলতা লাভ কৰা বুলি জানিব পৰা গৈছে৷ ড্ৰ’ন ধবংস কৰা এই সৰু আকাৰৰ ক্ষেপণাস্ত্ৰসমূহ ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডে [এছডিএল] নিৰ্মাণ কৰিছে৷
প্ৰস্তুতকাৰক ছ’লাৰ গ্ৰুপে কয় যে এই ড্ৰ’ন ধবংসকাৰী ব্যৱস্থাটো ‘মাইক্ৰ’ মিছাইল’ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে৷ তেওঁলোকৰ মতে এই প্ৰতিৰক্ষা ব্যৱস্থাই ভৱিষ্যতে ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰাত যথেষ্ট সহায় কৰিব৷ প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰত্বলৈকে সন্দেহজনক ড্ৰ’নৰ গতিবিধি ধৰা পেলোৱাৰ ক্ষমতা ‘ভাৰ্গবাস্ত্ৰ’ত আছে৷ যিকোনো সৰু ড্ৰোন ধৰা পেলাই ধবংস কৰাৰ ক্ষমতা তেওঁলোকৰ আছে৷ মঙলবাৰে ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ বিষয়াৰ উপস্থিতিত এই ক্ষেপণাস্ত্ৰসমূহ পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হয়৷
পেহেলগাম কাণ্ডৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক অশান্তিৰ সময়ত পাকিস্তানৰ আক্ৰমণ ৰোধ কৰাত দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি ধৰা হৈছিল৷ এইক্ষেত্ৰত এছ-৪০০ ট্ৰাইমফ [সুদৰ্শন চক্ৰ], এল-৭০, শিলকা, জু-২৩ আৰু আকাশ মিছাইল ব্যৱস্থাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে৷ এই তিনিটা ব্যৱস্থাই একেলগে পাকিস্তানে আকাশত নিক্ষেপ কৰা ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ ধবংস কৰি দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিছে৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত কেন্দ্ৰই ভাৰতৰ আকাশমাৰ্গক অধিক নিৰৱচ্ছিন্ন কৰি তুলিবলৈ বিচাৰিছে৷ দেশৰ আকাশমাৰ্গৰ নিৰাপত্তাৰ বেৰ যাতে কোনো ধৰণে ভংগ নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব৷ সূত্ৰৰ পৰা জানিব পৰা মতে, এই উদ্দেশ্যে চৰকাৰে তিনিটা নতুন ক্ষেপণাস্ত্ৰ দেশৰ সামৰিক বাহিনীক গতাই দিয়াৰ পৰিকল্পনা কৰিছে৷