Bhaskar Das: আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্বৰে খ্যাতি অৰ্জন শিৱসাগৰৰ সন্তান ভাস্কৰ দাসৰ

শিৱসাগৰ জিলাৰ নাজিৰা (Bhaskar Das) চহৰৰ ৭ নং ৱাৰ্ডৰ স্থায়ী বাসিন্দা পিতৃ প্ৰয়াত ৰবিন চন্দ্ৰ দাসৰ সুযোগ্য সন্তান ভাস্কৰ দাসে আন্তৰ্জাতিক শ্ৰম সংস্থা’ৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি অসমৰ লগতে শিৱসাগৰ জিলালৈ কৃতিত্ব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইংৰাজী’ৰ ২০২৫ বৰ্ষ’ৰ অহা ১৪ অক্টোবৰ’ৰ পৰা ১৭ অক্টোবৰ’লৈ ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক শ্ৰম সংস্থা’ৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনিং চেণ্টাৰ’ৰ অধীনত আয়োজিত আন্তৰ্জাতিক প্ৰশিক্ষণ কাৰ্যসূচী ফেচ টু ফেচ কমপোনেণ্ট ‘ৰ বাবে নিৰ্বাচিত হৈ প্ৰথমজন অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৫ দিনীয়া কঠোৰ ভাৰ্চিৱেল ট্ৰেইনিং প্ৰগে’ম’ৰ সফল সমাপ্তিৰ পাছত ভাস্কৰ দাসে উক্ত স্বীকৃতি লাভ কৰিছে।

উল্লেখ্য যে ভাস্কৰ দাসে বৰ্তমান অ’.এন.জি.চি. অসম সম্পদৰত কৰ্মৰত হৈ থকা’ৰ লগতে অ’.এন.জি.চি. শ্ৰমিক এছ’চিয়েচন, ভাৰতীয় মজদুৰ সংঘ, অসম প্ৰদেশৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰি আছে। বিগত ১৫ বছৰ ধৰি তেওঁ অসমৰ অন্যান্য সংগঠিত-অসংগঠিত ক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ উন্নয়ন আৰু শ্ৰমিক সমাজৰ কল্যাণৰ হকে অক্লান্তভাৱে কাম কৰি অহাৰ লগতে বিভিন্ন সময়ত শ্ৰমিকৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে এক উচ্চ আৰু নিৰ্ভীক কণ্ঠ হিচাপে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে।আনহাতে ভাস্কৰ দাস শৈক্ষিকভাৱেও অতি সুদক্ষ। তেখেত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Related Articles