Breaking

সৰভোগৰ ভেৰাগ্ৰামত অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন

0 47

ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বুধবাৰে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বৰনগৰৰ ভেৰাগ্ৰামত উদযাপন কৰা হয়৷

ৰাতিপুৱা ১১ বজাত অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ মুকলি সভাত অংশগ্ৰহণ কৰে৷ মন্ত্ৰী গৰাকীয়ে ভট্টদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ জীৱনাদৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ৷

তেওঁ কয় যে ভট্টদেৱে কথা ভাগৱত, কথা গীতা, আৰু ভক্তি ৰত্নাৱলী বৰনগৰৰ ভেৰাগ্ৰামত ৰচনা কৰিছিল ৷ সেই বাবে ভট্টদেৱক গদ্য সাহিত্যৰ জনক বুলি আখ্যা দিয়া হয় ৷ তেওঁ লগতে কয় যে গদ্য সাহিত্যৰ জনক ভট্টদেৱে অসমৰ জাতীয় জীৱনলৈ বহুত অৱদান আগবঢ়াই গৈছে ৷ এই সভাতে অসমৰ এগৰাকী বিশিষ্ট কবি, সাহিত্যিক কাব্যনীল(প্ৰাণজিৎ দাস)ৰ ভট্টদেৱ আৰু প্ৰাচীন বৰনগৰ শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন কৰে,বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে ৷

সভাত নিৰ্দ্দিষ্ট বক্তা হিচাবে মানিকপুৰ গোৱিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাস দেৱ উপস্থিত থাকে ৷ আনফালে মন্ত্ৰী গৰাকীয়ে নামঘৰত নামত থকা মাটি সমূহৰ চৌহদত পকী ওৱাল আৰু মুখ্য তোৰণ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ হৈ ১০ লাখ টকা ঘোষণা কৰে ৷

ইয়াৰ লগতে ১০ টা গৃহহীন পৰিয়াল নামঘৰৰ চৌহদত ঘৰ সজাই দিব বুলি কয় যাতে সকলো পৰিয়ালে নামঘৰটো সুন্দৰকৈ পৰিচালনা কৰিবলৈ পাৰে ৷ ইয়াৰ লগতে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভেৰাগ্ৰামলৈ এদিন আনিব বুলি ৰাইজক কয় ৷ সভাত প্ৰায় এক সহস্ৰাধিক লোক উপস্থিত থাকে ৷

Leave A Reply