Breaking

প্ৰথাগত নিয়ম ভাঙি কথা সাহিত্যৰ ৰচনাৰ সাহস কৰিছিল ভট্টদেৱেঃ অনুৰাধা শৰ্মা পূজাৰী

0 50

‘মহাপুৰুষ ভট্টদেৱ আছিল এগৰাকী বিদগ্ধ পণ্ডিত। ছন্দবদ্ধ পদ্যৰ পৰম্পৰাৰ বিপৰীতে গৈ ভট্টদেৱে প্ৰথাগত নিয়ম ভাঙি গদ্য সাহিত্য ৰচনাৰ সাহস কৰিছিল। এই ক্ষেত্ৰত তেখেতৰ প্ৰেৰণাৰ উৎসৱ আছিল গুৰু শ্ৰীমৎ দেৱদামোদৰ দেৱ। ভাৰতীয় প্ৰান্তিয় ভাষাৰে প্ৰথম গৰাকী কথা সাহিত্যিক ভট্টদেৱ দক্ষিণ-পূৱ এচিয়াৰো প্ৰথম কথা সাহিত্যিক বুলি গৰ্ব কৰিব পৰাটো জাতীৰ বাবে গৌৰৱৰ বিষয়। তেখেত সম্পৰ্কে চৰ্চা বন্ধ হোৱাটো দুৰ্ভাগ্যজনক।’ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ উদ্যোগত মহাপুৰুষ ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে ২০২৩ বৰ্ষৰ বাবে “মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ কথা-সাহিত্যিক সন্মান’ গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে।

বুধবাৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ গুৱাহাটীৰ চান্দমাৰীস্থিত কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সন্মান প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাৰ লগতে সাদিন, সাতসৰী, নন্দিনী আৰু অসমীয়া প্ৰতিদিন কাকতৰ বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক।

মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপে। সংঘৰ হৈ উপস্থিত থাকে কেন্দ্ৰীয় অৰ্থ সংঘাধিকাৰ ৰতন দাস, কামৰূপ (মহানগৰ) জিলা সমিতিৰ সংঘাধিকাৰ প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া, সংঘাধিকৰ্তা বাবুল ৰাজবংশী আৰু উত্তৰ কামৰূপ জিলা সমিতিৰ সহঃ সংঘাধিকৰ্তা মহেশ চন্দ্ৰ ডেকা।

উল্লেখযোগ্য যে ভট্টদেৱ জয়ন্তী উপলক্ষে ১৮ নৱেম্বৰৰ পৰা সংঘৰ বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত নিজ নিজ এলেকাৰ অন্তৰ্গত বিশিষ্ট সাহিত্যিক সকলক ‘মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ কথা-সাহিত্য সেৱী বৰণ’ আগবঢ়াই আছে আৰু অনুৰাধা শৰ্মা পূজাৰীৰ লগতে ২০২৩ বৰ্ষৰ কথা-সাহিত্যিক সন্মান ১৯ নৱেম্বৰত বিশিষ্ট সাংবাদিক কনক সেন ডেকালৈও প্ৰদান কৰা হৈছে।


-হৰ্ষবৰ্দ্ধন কাশ্যপ, সংঘাধিকৰ্তা, মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ
ফোনঃ 7002533892

Leave A Reply