সমগ্ৰ ৰাজ্যতে(Bhogali Bihu) চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা। আজি উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তেজপুৰৰ পৰোৱা মাছৰ পাইকাৰী বজাৰত পুৱতি নিশাৰে পৰা ডাঙৰ ডাঙৰ থলুৱা মাছ ক্ৰয় কৰিবৰ বাবেই গ্ৰাহকৰ ভিৰ৷
২০ কিলো ওজনৰ চিতল, ১৮ কেজি ওজনৰ আৰি, ভকুৱা, বিকেট,ৰৌ,বৰালী মাছৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে বৰমাৰ বজাৰত।
সেই ক্ৰয়ৰ হেতাওপৰা গ্ৰাহকৰ৷ ৰৌ মাছ ২৫০-৩০০টকা প্ৰতি কে.জি, চিতল মাছ ৭০০ টকা পৰ্যন্ত,ভকুৱা মাছ ৩০০-৮০০পৰ্যন্ত উপলব্ধ হৈছে ।

