Breaking

অভয়াপুৰীত ভোগৰ উৎসৱ ভোগালী মেলা আৰম্ভ

0 67

অসমৰ বাপতি-সাহোন ভোগৰ উৎসৱ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ঐতিয্য মণ্ডিত দেৱদাৰু নগৰি অভয়াপুৰীত চৰকাৰৰ দুটা বিভাগৰ উদ্যোগত দুই স্থানত তিনি দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা অনুষ্ঠিত হয়। বুধবাৰৰ এই দুয়োটা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মানস কুমাৰ শইকীয়াই।

ইয়াৰে প্ৰথমটো ভোগালী মেলাৰ কাৰ্যসূচী অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আৰু অভয়াপুৰী পৌৰসভাৰ সহযোগত অভয়াপুৰী ৰাজবাৰী পুখুৰী উদ্যানত অনুষ্ঠিত হয় এই ভোগালী মেলাৰ। এই মেলাত নগৰ খনৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰমে – ৰূপালী, মিলি জুলি(টেংনামাৰী), মা শক্তি, পূজা, নন্দিনী,বাবা ভোলানাথ, অনুৰাধা, মনালিছা, মিলি জুলি (লাচিত নগৰ), বাবা লোকনাথ, প্ৰাকৃতি, নয়নি আৰু আয়ুস আদি কৰি ১৩টা নগৰীয়া জীৱিকা আত্ম সহায়ক গোটে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এই মেলাত অংশ গ্ৰহণ কৰিছে।

বিশিষ্ট সমাজ কৰ্মী তথা অভয়াপুৰী পৌৰসভাৰ পাৰিষদ নুৰ ইছলামৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত সভাত মহকুমাধিপতি মানস কুমাৰ শইকীয়াৰ উপৰিও শিল্পী পেঞ্চনাৰ ধৰণি বনিক্য, বিশিষ্ট সমাজ কৰ্মী ৰুদ্ৰ কুমাৰ পাঠক,অভয়াপুৰী পৌৰসভাৰ সভাপতি শুশান্ত পোদ্দাৰ,উপ সভাপতি প্ৰবিন দাস, অভয়াপুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱাংগনা আইদেউ, সমাজ কৰ্মী ধৃতিমান বণিক্য আদিয়ে উপস্থিত থাকি সাৰুৱা ভাষণ আগবঢ়ায়।

আনহাতে অভয়াপুৰীৰ ধৰ্ম পুৰ ৰাস পথাৰতো অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযান মিচন, বঙাইগাঁও জিলাৰ উদ্যোগতো বুধবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ -২০২৪, আৰম্ভ হয়।

এই মেলা শুভাৰম্ভ অনুষ্ঠানত মহকুমাধিপতিৰ উপৰিও টাপাট্টাৰী আৰু সৃজন গ্ৰাম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বঙাইগাঁও জিলা পশু চিকিৎসা বিষয়া সহ আন আন বিষয়া কৰ্মচাৰী উপস্থিত থাকি সাৰুৱা ভাষণ আগবঢ়ায়। এই মেলাতো জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা ৩২ টা মহিলা আত্ম সহায়ক গোটে অংশ গ্ৰহণ কৰি নিজৰ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে নিজ নিজ বিপনীত অংশ গ্ৰহণ কৰে।

উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে এই দুয়োটা ভোগালী মেলাৰ পৰা ক্ৰেতা সকলে বিভিন্ন ধৰণৰ খাদ্য আৰু আন আন প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিব পাৰিব। পোন প্ৰথম বাৰৰ বাবে অভয়াপুৰী চহৰত দুটাকৈ ভোগালী মেলা অনুষ্ঠিত হোৱা বাবে চহৰ বাসীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে।

Leave A Reply