“অপহৰণ নহয়, অপপ্ৰচাৰ”—ভৱেশ কলিতাৰ পত্নীৰ ঘটনাক লৈ বিধায়কৰ স্পষ্টীকৰণ ।bhubesh kalita

গুৱাহাটী, ২০ জুনঃbhubesh kalita । ‘ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ পত্নীক অপহৰণ!’ — কিছু সময় পূৰ্বে সামাজিক মাধ্যমত এই শিৰোনামযুক্ত বাতৰি ব্যাপকভাৱে ভাইৰেল হৈছিল। যদিও শেহতীয়াকৈ এই সন্দৰ্ভত নিজে মুখ খুলি স্পষ্টীকৰণ আগবঢ়াইছে বিধায়ক ভৱেশ কলিতাই। তেওঁৰ মতে, এইটো কেৱল একাংশ সংবাদ মাধ্যমে চালনা কৰা ভুৱা অপপ্ৰচাৰ।

ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিধায়ক কলিতাই দাবী কৰিছে, “এই ঘটনাটো কোনো অপহৰণৰ নহয়, বরঞ্চ মদনপুৰৰ টোলগেটত কিছুমান কৰ্মচাৰীয়ে মোৰ পত্নীৰ সৈতে অপমানজনক ব্যৱহাৰ কৰিছিল। সেই সন্দৰ্ভত ২৭ মে’ তাৰিখে আৰক্ষী থানাত মই এজাহাৰ দাখিল কৰিছিলোঁ।”

তেওঁ স্পষ্টভাৱে কয়, এই ঘটনা প্ৰায় এমাহ-ডেৰ মাহ আগতে সংঘটিত হৈছিল। পত্নীগৰাকী পুত্ৰজনক বিদ্যালয়ৰ পৰা লৈ ঘৰলৈ ঘূৰি আহি থকা সময়তে টোলগেটত তেওঁক ৰৈ থাকিবলগীয়া হয়। এই সময়তে কৰ্মচাৰীসকলৰ সৈতে কিছু কথাকাটিকাটি হয় আৰু পত্নীগৰাকীয়ে অপমানিত বোধ কৰে। সেই সময়তেই কৰ্মচাৰীয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ বিধায়কগৰাকীৰ।

কলিতাই অভিযোগ কৰে, “এই এজাহাৰৰ ভিত্তিতেই এতিয়া অপহৰণ বুলি ভুৱা খবৰ প্ৰকাশ কৰিছে কিছু সংবাদ মাধ্যমে, যি একেবাৰে নিন্দনীয়।” তেওঁ লগতে সংবাদ মাধ্যমসমূহক সতর্কতা আৰু দায়িত্ববোধৰ সৈতে কাম কৰিবলৈ আহ্বান জনাইছে।

ঘটনাটোক লৈ এতিয়া আৰক্ষীয়ে তদন্ত আগবঢ়াইছে বুলি জানিব পৰা গৈছে, যদিও অপহৰণৰ সন্দৰ্ভত কোনো প্ৰমাণ পোৱা নগ’ল।

Related Articles