ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

ভোগালী বিহু উপলক্ষে নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুৱালিত সৃষ্টি হৈছে উখল মাখল পৰিৱেশ। ভোগালী উৎসৱত সমবেত জনতাই সৃষ্টি কৰিছে এই পৰিৱেশ। কৰোণাসৃষ্ট পৰিৱেশৰ বাবে বিগত সময়ত ৰাজ্য খনৰ আন ঠাইৰ লগতে নগাঁৱতো কোনো ধৰণৰ উৎসৱ সাংস্কৃতিক অনুষ্ঠান আদি হোৱা নাছিল।

প্ৰায় ন মাহৰ বিৰতিৰ পিছত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ১০৮ সংখ্যক ভোগালী উৎসৱত বিহু উৎসৱ উপভোগ কৰিবলৈ নেহৰুৱালিলৈ ঢাপলি মেলিছে জাকে জাকে লোক। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ভোগালী উৎসৱৰ আজি তৃতীয় দিনা পুৱা চাইকেল চালনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভূপূন্দ্ৰ সংগীত, আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া পিঠা-পনা প্ৰতিযোগিতা, বিয়লি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, কণ কণ লৰা-ছোৱালীৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু সন্ধ্যাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পুৰ্বে কালি ভোগালী বিহুৰ দিনটোত পুৱা ১০ বজাত বিহুৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পিছত স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতি তৰ্পন, মেজি প্ৰজ্বলনেৰে অগ্নি সেৱা,দুই শতাধিক বয়োজ্যেষ্ঠ নাগৰিকক  শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ইপিনে ভোগালী বিহু থলীত ৰাইজৰ মঙ্গল কামনাৰে মেজি প্ৰজ্বলন কৰি বিহু উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই কয় যে  মেজিৰ জুইৰ তাপত সকলো অপায় অমঙ্গল নাশ হ‌ওক আৰু নগাওঁ খন নতুন ৰূপত গঢ়ি উঠক তাৰেই কামনা কৰিলো। মেজিৰ জুইয়ে  সকলোৰে হৃদয়,মন,প্ৰাণ উমাল কৰি তোলক লগতে  সমাজৰ পৰা নাশ হ‌ওক অসূয়া,অমংগল, অন্ধকাৰ আৰু অপশক্তি ।ভোগ প্ৰাচুৰ্যৰে উপচি পৰক  প্ৰতিটো দিন সকলোৰে । দুপৰীয়া ভোগালী বিহু তলীত লৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা, প্ৰাইজমানি মুকলি কুইজ আৰু সন্ধ্যা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Related Articles