ভূপেন বৰাৰ বিজেপি গমনৰ চৰ্চাৰ আঁৰত আছে নেকি কোনো নেপথ্য কাহিনী ! bhupen bora

১০ জুন,২০২৫ঃ অসম প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিলৈ গমন কৰিব বুলি বিগত কিছুদিন ধৰি বেছ চৰ্চা চলি আহিছে। গৈৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাঘজৰী গ্ৰহণ কৰাৰ সময়তে চলি থকা এনে জল্পনা কল্পনাই কংগ্ৰেছ-বিজেপি উভয় দলৰেই ভিতৰ চৰাত মৃদুকৈ হলেও ক্ঁপনি নোতোলাকৈ থকা নাই। এনে সময়তে ভূপেন বৰাই স্পষ্ট কৰি দিছে যে অসমৰ ৰাইজৰ প্ৰতি তেওঁ দায়বব্ধ। সেয়ে তেওঁ বিজেপিলৈ যাব বুলি ওলোৱা গুজৱৰ কোনো অৰ্থ নাই বুলি ভূপেন বৰাই স্পষ্ট কৰি দিলে।

কিন্তু ভূপেন বৰাৰ এনে স্পষ্টীকৰণৰ মাজতে এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ভূপেন বৰাই বিজেপিলৈ গমন কৰাৰ বাবে গেৰুৱা শিবিৰৰ ওচৰত একাধিক চৰ্ত দিছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে বিজেপিলৈ আহিলে ভূপেন বৰাই ৰঙানদী সমষ্টিৰ পৰা ২০২৬ৰ নিৰ্বাচনৰ টিকট প্ৰদানৰ প্ৰস্তাৱ দিছিল। সূত্ৰটোৰ মতে কেৱল সেয়াই নহয়, ৰঙানদী সমষ্টিৰ পৰা বিজয়ী হৈ অহাৰ পিছত তেওঁক কেবিনেট মন্ত্ৰীৰ পদ লাগিব বুলিও প্ৰস্তাৱ দিয়া হৈছিল। সূত্ৰটোৰ মতে ভূপেন বৰাৰ তেনে প্ৰস্তাৱৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অথবা গেৰুৱা বাহিনীৰ কোনো শীৰ্ষ নেতাই সেউজ সংকেত নিদিয়াত ভূপেন বৰা থমকিবলগীয়া হয়। সেয়ে আপোন ঘৰেই ভাল বুলি ভাবি ভূপেন বৰাই এইবাৰ কংগ্ৰেছৰ বাবেও কেইটামান চৰ্ত দিয়া বুলি সূত্ৰটোৱে দাবী কৰিছে। বিশেষ সূত্ৰটোৱে সদৰী কৰা অনুসৰি কংগ্ৰেছৰ সন্মুখত ভূপেন বৰাই দিয়া প্ৰথম চৰ্তটো হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে তেওঁক বিৰোধী দলপতিৰ দায়িত্ব অৰ্পন কৰিব লাগিব। সূত্ৰটোৰ মতে ভূপেন বৰাই গৌৰৱ গগৈক দিয়া দ্বিতীয়টো চৰ্ত হৈছে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে তেওঁক মুখ্যমন্ত্ৰীৰ পদটো দিব লাগিব।


সূত্ৰটোৰ মতে গৌৰৱ গগৈৰ প্ৰধান লক্ষ্য ২০২৬ৰ বিধানসভা নিৰ্বাচন নহয়, তেওঁৰ লক্ষ্য হৈছে ২০৩১ ৰ বিধানসভা নিৰ্বাচনহে। গৌৰৱ গগৈয়ে ২০৩১ৰ বিধানসভা নিৰ্বাচনৰ জড়িয়তেহে কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে পূৰা মাত্ৰাই সাজু হব পাৰিব বুলি ধৰি লোৱাৰ কথাও সূত্ৰটোৱে কয়। সূত্ৰটোৰ মতে সেয়ে গৌৰৱ গগৈয়ে সেয়ে ভূপেন বৰাৰ দুয়োটা চৰ্তই লগে লগে মানি লোৱা বাবেই বৰাই কংগ্ৰেছতে থাকি যোৱাৰ সিদ্ধান্ত লৈছে। যদি সূত্ৰটোৱে দাবী কৰা কথা এশ শতাংশই সঁচা হয় তেন্তে ভূপেন বৰাই বিজেপি গমন নকৰাৰ এয়াই নেপথ্য কাহিনী বুলি বহুতে এতিয়া চৰ্চা কৰা পৰিলক্ষিত হৈছে। ৰাজনীতিত চৰ্ত আৰোপ কোনো নতুন বা অন্যায় কথা নহয় বুলিও বহুতে মন্তব্য কৰা দেখা গৈছে। ভূপেন বৰাৰ ক্ষেত্ৰতো তেনে কথাই প্ৰযোজ্য হোৱা বুলি বহুতে আলোচনা কৰা দেখা গৈছে। অৱশ্যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত কিছু সময় আছে। সেয়ে এই সময়ছোৱাৰ ভিতৰতে ক’ৰ পানী ক’লৈ যায়, কাৰ পুখুৰীৰ মাছ গৈ কাৰ পুখুৰীত সোমায় সেয়া সময়তহে লক্ষ্যণীয় হ’ব বুলি ৰাজনৈতিকভাবে সচেতন মহলে প্ৰকাশ কৰিছে।

Related Articles