বিমানত ভৱিষ্যৎবাণী! মুখ্যমন্ত্ৰীৰ কথাই শেষত সত্য হৈ পৰিল — স্বীকাৰ কৰিলে ভূপেন বৰাই । Bhupen borah

গুৱাহাটী, ২৭ মে’ —Bhupen borah । ‘‘এপ্ৰিল-মে’ মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব’’ — এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইমাহমান আগতে উৰাজাহাজত কৰিছিল বুলি সদ্য বিদায়ী অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই নিশ্চিত কৰিছে। কংগ্ৰেছৰ সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈৰ নিয়োগৰ পটভূমিত এই উক্তিয়ে ৰাজ্যিক ৰাজনীতিত গুৰুত্বপূৰ্ণ আলোচনা আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে দাবী কৰিছিল যে, তেওঁ আগতেই জানিছিল ভূপেন বৰাক সভাপতিক পৰা আঁতৰোৱা হ’ব বুলি। ‘‘মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই আৰু ভূপেন বৰা, আমি গুৱাহাটীৰ পৰা একেখন ফ্লাইটত গৈছিলো। দিলীপ শইকীয়া সাক্ষী আছে, মই তেতিয়া ভূপেন বৰাক কৈছিলো যে তোমাক এপ্ৰিল মাহত সভাপতি ভাঙি দিব। দিলীপে আজি ফোন কৰি সুধিছে – দাদা, আপুনি কেনেকৈ গম পাইছিল?’’ — এনে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।

মঙলবাৰে সংবাদমেলত এই দাবীৰ সত্যতা স্বীকাৰ কৰি ভূপেন বৰাই কয়, ‘‘মুখ্যমন্ত্ৰীক মই দিল্লীৰ পৰা আহোতে উৰাজাহাজত পোৱাটো সঁচা। তেতিয়া তেওঁ মোক কৈছিল — ‘তোমাৰ নিজৰ চকীখনেই নাথাকিব’। মই উত্তৰত কৈছিলো, আপুনি কংগ্ৰেছৰ ভিতৰুৱা খবৰ নাপায়, যি খবৰ আপোনাই মোক দিছে, সেইটোৰ উৎস দুৰ্বল। তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে মোক কৈছিল — ‘মোক আণ্ডাৰ এষ্টিমেট নকৰিবা।’’

ভূপেন বৰাই এই কথাও স্পষ্ট কৰে যে মুখ্যমন্ত্ৰীয়ে তেওঁক সুধিছিল, ‘‘তোমাৰ কি শক্তি আছে যে সদায় মোক ক্ষমতাৰ পৰা আঁতৰাব বুলি কৈ থকা?’’ উত্তৰস্বৰূপে বৰাই কৈছিল, ‘‘আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিবোৰ ক্ষোভ আছে, সেইবোৰ আমি ভোটলৈ ৰূপান্তৰিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা আঁতৰাম।’’

মুখ্যমন্ত্ৰীৰ এই ‘ভৱিষ্যৎবাণী’ সঁচা হৈ পৰাত এতিয়া স্বাভাৱিকভাৱে এক প্ৰশ্ন উঠিছে — কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব তথা AICC-ৰ ভিতৰৰ খবৰো কি মুখ্যমন্ত্ৰীয়ে লাভ কৰে? অসম কংগ্ৰেছৰ ভিতৰত যেনেকৈ তেওঁ নিজৰ ‘এজেণ্ট’ ৰাখিছে, সেইদৰে দিল্লীতো আছে নেকি?

যদিও এই সন্দেহবোধৰ উত্তৰ স্পষ্ট নহয়, মুখ্যমন্ত্ৰীয়ে নিজৰ মন্তব্যত কৈছে যে — “কংগ্ৰেছত এটা সময় থাকে যেতিয়া পাৰ্টীটো ভাঙি যায়। তেতিয়া ভাল কৰিবৰ বাবে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰে। কিন্তু যেতিয়া ইলেকচন আহে, টিকট আদি দিয়াৰ সময় হয়, তেতিয়া তেওঁলোকে সেই ‘নীলা তেজৰ’ মানুহবোৰ লগত লয়।”

মুখ্যমন্ত্ৰীৰ এই কথোপকথন আৰু ভূপেন বৰাৰ স্বীকাৰোক্তিৰ পিছত অসম কংগ্ৰেছৰ অভ্যন্তৰীণ পৰিৱর্তনৰ পিছফালত কি চলি আছিল — সেই সন্দৰ্ভত নতুনকৈ বিতৰ্ক আৰু বিশ্লেষণ আৰম্ভ হৈছে।

Related Articles