ৰৌতাত ড০ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত ছাত্ৰক অভিনন্দন জ্ঞাপন

ওদালগুৰি জিলাৰ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতা চাৰিআলি চহৰৰ  মাজমজিয়া ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংগঠনটোৰ অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত  কালি  ৫  নৱেম্বৰৰ সন্ধিয়া  ৫ বজাত ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী  পালন কৰা হয় ।  ২০১১ চনৰ  ৫ নৱেম্বৰত  শেষ নিশ্বাস ত্যাগ কৰা  সুধাকন্ঠ   ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি  উপলক্ষে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথে । ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্য, আৰক্ষী বিষয়া ৰিতুপল  শইকীয়া , ছাত্ৰ সন্থাৰ  প্ৰাক্তন সাধাৰণ সম্পাদক বিক্ৰম দেউৰী , ৰিতম ডেকা আদিকেধৰি বহুতো ছাত্ৰ নেতা আৰু ৰাইজ উপস্থিত থকা ৰাজহুৱা ভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ চৌহদত স্হায়ী ভাৱে থকা সূধাকন্ঠৰ প্ৰতিমূৰ্তিত মাল্যাপণ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অভিলাষ  দাসে । আনহাতে , ৰৌতা চাৰিআলিৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত ৰৌতা ষ্টেচনৰ শংকৰ – মাধৱ কৃষ্টি সংঘৰ প্ৰাংগণতো কালি ৫  নৱেম্বৰৰ দিনা  সন্ধিয়া সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি উদযাপন কৰা হয় । সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অভিষেক ৰাজ কলিতা আৰু ৰৌতা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্য জ্যোতি ডেকা আৰু  ভাৰপ্ৰাপ্ত সহকাৰী সম্পাদক মৃত্যুঞ্জয় ওজা প্ৰমুখ্যে ছাত্ৰ সংগঠন দুটাৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰাৰ পাছতে ভাৰত ৰত্ন  ড০ ভূপেন হাজৰিকাৰ স্মৃতি তৰ্পণ আৰু সৰ্ব- ধৰ্ম প্ৰাৰ্থনা সভা  অনুষ্ঠিত হৈ যায় ।  ইয়াৰ পিছতেই সন্ধিয়া ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধিৰ দলে ৰৌতা ষ্টেচনৰ দুজন ছাত্ৰক অভিনন্দন জ্ঞাপন কৰে । সামগ্ৰিক প্ৰতিযোগিতামূলক সময়ত সদ্য ঘোষিত  সৰ্বভাৰতীয় ভিত্তিত নীট (Neet)ৰ দৰে পৰীক্ষাত সফলতা কঢ়িয়াই অনা ৰৌতাষ্টেঢনৰ দিব্যজ্যোতি পাঠক আৰু কুলদীপ দাসৰ ঘৰলৈ গৈ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰৌতা আৰক্ষী থানাই দুয়োজন ছাত্ৰকেগামোচা , পুথি আদিৰে অভিনন্দন জনায় ।

Related Articles