ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰ সংৰক্ষণলৈ পদক্ষেপ, অনুৰাগীৰ মাজত উল্লাস । Bhupen Hazarika

কলিয়াবৰ, ১১ জুনঃ Bhupen Hazarika উজনি-নামনিৰ যাত্ৰা কালত জিৰণি লৈছিল যি ঘৰটোত, সেই ঘৰ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিময় প্ৰতীক। এতিয়া ভূপেন দা নহ’লেও, কলিয়াবৰৰ কুঠৰীৰ সেই চোতালত প্ৰতিষ্ঠিত হৈছে তেখেতৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি — যেন নিজৰেই উপস্থিতিত পুনৰ জীয়াই উঠিছে সঙ্গীত জগতৰ সেউজী কিংবদন্তি।

ভূপেন হাজৰিকাৰ অসমত থকা একমাত্ৰ নিজা ঘৰ আছিল এই কলিয়াবৰৰ কুঠৰীৰ ঘৰ। বহু সৃষ্টিৰ জন্মস্থান — বহু স্মৃতিৰে জড়িত এই ঘৰখনে এতিয়া সুধাকণ্ঠৰ অনুৰাগীৰ বাবে এক তীৰ্থক্ষেত্ৰ স্বৰূপ। তেখেতৰ পৰিয়ালৰ ভাই-ভনীসকলৰ বাবে এই ঘৰটো আছিল মৰম আৰু আস্থাৰ স্থান। পিতৃ-মাতৃৰ সোঁৱৰণত অনুষ্ঠিত ‘ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা’ হ’বলৈ দিয়া বঁটা আৰু কলিয়াবৰৰ মঞ্চত গোৱা ‘এইখন কলিয়াবৰ’ গীতই এই ঘৰৰ ঐতিহাসিক মূল্য অধিক বৃদ্ধি কৰিছে।

সুধাকণ্ঠৰ বিশেষ বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ বিষাদ আঁতৰাবলৈ লিখা ‘যদি জীৱনে কান্দে নাই নাই বুলি’ আৰু চিন্তাশীল কলিয়াবৰীয়া বন্ধু ‘জঙ্ঘলী’ৰ জীৱনলৈ উৎসৰ্গিত ‘জংলী-জংলী দুনীয়াই কয়, জঙ্ঘলেই মোৰ ঘৰ’ — এই দুই বিখ্যাত গীতৰ আঁতৰিও, কাজিৰঙা চলচ্চিত্ৰত বৰ্ণনা কৰা সেউজী বাগৰি আৰু মৰমী কুঠৰীৰ উল্লেখো কুঠৰীৰ এই ঘৰটোক সাংস্কৃতিক সম্পদৰ ৰূপত গঢ়ি তোলে।

এই ঘৰৰ সংৰক্ষণৰ প্ৰতি চৰকাৰী তৎপৰতা বহু আগতে আৰম্ভ হৈছিল। সোণোৱাল চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে অনুষ্ঠিত হোৱা কেবিনেটৰ প্ৰথম সভাতেই ভূপেনদাৰ টালিগঞ্জ আৰু কলিয়াবৰৰ বাসগৃহ সংৰক্ষণৰ সিদ্ধান্ত লোৱা হৈছিল।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ সক্ৰিয় উদ্যোগত এতিয়া এই ঐতিহাসিক গৃহখন সংৰক্ষণৰ কাম অধিক গতিত আগবাঢ়িছে। তেওঁ কয় —
“ভূপেন দাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখনৰ ভূমি বৰ্তমান যিজনৰ অধিকাৰত আছে, তেওঁৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। ভূমিখন পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো পৰিকল্পনা আগবঢ়োৱা হৈছে।”

ভূপেন দাৰ স্মৃতি বিজড়িত সত্ৰসমূহ সংৰক্ষণৰ চৰকাৰী সিদ্ধান্তৰ পিচত কলিয়াবৰৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছে অপাৰ উল্লাস। এই পদক্ষেপক ‘ভূপেনদাৰ প্ৰতি সঁচা সন্মান’ বুলি অভিহিত কৰিছে বহু সাংস্কৃতিক ব্যক্তিত্ব আৰু স্থানীয় ৰাইজে।

এইবাৰ আশা — কুঠৰীৰ ঘৰখনে ভৱিষ্যত প্ৰজন্মৰ বাবে হ’ব ভূপেন হাজৰিকাৰ আদৰ্শ, চিন্তা আৰু শিল্পভাৱনাৰ এক গাথা।

Related Articles