Breaking

ৰাজ্যৰ ভিন্ন প্ৰান্ততৰ লগতে মৰিগাঁৱতো সুধাকণ্ঠক সোঁৱৰণ

0 24

ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ স্মৃতিত গঠন কৰা ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘ‌ই প্ৰতিষ্ঠা কালৰে পৰা ডঃ ভূপেন হাজৰিকা দেৱৰ লগত জড়িত প্ৰতিটো কাৰ্যসূচী পালন কৰি আহিছে। কৰ’না মহামাৰীয়ে জুৰুলা কৰা কভিড পৰিস্থিতিৰ সন্মুখীন হৈও  দশম বাৰ্ষিক ডঃ ভূপেন হাজৰিকাদেৱৰ তিৰোভাৱ তিথিটো কভিড বিধি অনুযায়ী সমগ্ৰ ৰাজ্য জুৰি বিভিন্ন ধৰণেৰে পালন কৰা পৰিলক্ষিত হৈছে। আন বৰ্ষসমূহৰ দৰে মৰিগাঁও জিলাৰ মানিপুৰ আঞ্চলিক ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘ্ই বিভিন্ন কাৰ্যসূচীৰে দিনযোৰাকৈ পালন কৰিছে। বিশেষকৈ পুৱা শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পনৰ সমান্তৰালকৈ পতাকা উত্তোলন কৰে সংঘৰ মুখ্য উপদেষ্টা বুবুল বৰদলৈ, সভাপতি বুবুল পাটৰ, সম্পাদক বিশ্বজিৎ বছৰলৈকে প্ৰমুখ্যে কৰি সংঘৰ প্ৰতি গৰাকী শুভাকাংশী তথা সদস্য বৃন্দ‌ই। বিয়লি ২ বজাৰ পৰা মানিপুৰ আঞ্চলিক খেল পথাৰত এখনি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘৰ তৰফৰপৰা জানিবলৈ দিয়ে।

Leave A Reply