Breaking

দ্বি-বাৰ্ষিক অভিৱৰ্তন ওদালগুৰি জিলা শৰণীয়া কছাৰী সন্মিলনীৰ

0 2,035

 শৰণীয়া কছাৰী জনগোষ্ঠীৰ শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক,আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশত ন্যায্য প্ৰাপ্তি বাবে অধিকাৰ সাব্যস্ত কৰিবলৈ জন্ম গ্ৰহণ কৰা শৰণীয়া কছাৰী সন্মিলনী অসমৰ ওদালগুৰি জিলাৰ চতুৰ্থ সংখ্যক  দ্বি-বাৰ্ষিক অভিৱৰ্তন খন এদিনীয়া  কাৰ্যসুচীৰে অহা ২০ ফেব্ৰুৱাৰী, শনিবাৰে ঝাৰগাও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ।সভাত বি টি আৰৰ পৰিষদে শৰণীয়া কছাৰী জনগোষ্ঠীৰ পৰা মনোনীত কৰা চম্পাৱতী ডেকাক বিশেষ সম্বৰ্ধনা জনোৱা লগতে নৱ গঠিত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব,  নাৰী মঞ্চ, পৰিষদৰ সদস্য, সন্মিলনী অসমৰ সভাপতি, সম্পাদক উপস্থিত থাকিব ।সভাখনত জনগোষ্ঠীৰ সকলোকে উপস্থিতি তথা সহায়-সহযোগিতা কৰিবলৈ ৰত্নেশ্বৰ ডেকা, সভাপতি ,দামোদৰ ডেকা , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ,ওদালগুৰি জিলা শৰণীয়া কছাৰী সন্মিলনী আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰণীধৰ ডেকাই অনুৰোধ জনাইছে ।

Leave A Reply