টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম দ্বি -বাৰ্ষিক অধিৱেশন সম্পন্ন

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম দ্বি- বাৰ্ষিক অধিৱেশন আজি টংলা সাহিত্য সভা ভৱনত সফলতাৰে সম্পন্ন হয় । টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি ধৰণীধৰ মেধিয়ে পুৱা ৯ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অধিৱেশনৰ দ্বিতীয় কাৰ্যসূচী বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ওদালগুৰি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্য আদিত চন্দ্ৰ কলিতাই । টংলা অঞ্চলিকৰ উপ- সভাপতি মনমোহন দাসে স্মৃতি তৰ্পণ কৰা অনুষ্ঠানত ভাৰপ্ৰাপ্ত সভাপতি ধৰণীধৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাতে পৰৱৰ্তী কাৰ্যকালৰ বাবে ২৭ জনীয়া নতুন সমিতি এখন গঠন কৰা হয়।

ৰবীন্দ্ৰ কুমাৰ শৰ্মাক সভাপতি ,আদিত চন্দ্ৰ কলিতাক কাৰ্যকৰী সভাপতি হিৰণময়ী দেৱীক উপসভাপতি ,বিনোদ মহন্তক সম্পাদক ,প্ৰভাত চন্দ্ৰ ডেকাক সহকাৰী সম্পাদক হিচাপে লৈ গঠন কৰা সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা আৰু আঁত ধৰে টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক জ্ঞানেদ্ৰ কুমাৰ চলিহাই।কাৰ্যনিৰ্বাহক সভাখন সমাপন হোৱাৰ পিছতে জ্যেষ্ঠ নাগৰিক নবীন বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰি সাহিত্যিক ,জ্যেষ্ঠ নাগৰিক ঘনকান্ত ডেকাই জ্যেষ্ঠ নাগৰিকৰ বাবে সময়োপযোগী ভাষণ ৰাখে।স্থানীয় শিল্পীৰ গীত -মাত পৰিৱেশনেৰে জীপাল কৰা সভাখন জাতীয় সংগীতেৰে সফল সামৰণি পৰে।

Related Articles