Breaking

বেটি বচাও বেটি পঢ়াও শ্লোগানেৰে মহাৰাষ্ট্ৰৰ পৰিৱেশ কৰ্মীৰ চাইকেল যাত্ৰা

0 2,249

“বেটি বচাও, বেটি পঢ়াও” এই শ্লোগানক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে বহি:ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা চাইকেলেৰে দিঘলীয়া যাত্ৰা অব্যাহত ৰাখিছে এগৰাকী পৰিৱেশ কৰ্মীয়ে। মহাৰাষ্ট্ৰৰ হীৰালাল যাদৱ নামৰ পৰিৱেশ কৰ্মী গৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য পৰিভ্ৰমণ কৰি বিগত সপ্তাহত অসমত উপস্থিত হৈছিল। তেওঁ অসমৰ বিভিন্ন জিলা চাইকেলেৰে ভ্ৰমণ কৰি পুণৰ মহাৰাষ্ট্ৰলৈ উভতি যোৱাৰ পথত আজি নগাঁৱত উপস্থিত হয়হি। আজি বিয়লি পৰিৱেশ কৰ্মী গৰাকীক নগাঁৱৰ খাগৰিজান উন্নয়ন খণ্ডৰ সমুহ বিষয়া-কৰ্মচাৰী আৰু বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত্ৰী সকলে সম্বৰ্ধনা জনায়। কন্যা শিশু সকলক সুৰক্ষা দিয়া আৰু পঢ়া শুনা কৰাৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত সকলোৰে মাজত সজাগতা সৃষ্টিৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে পৰিৱেশ কৰ্মী গৰাকীয়ে। তেওঁৰ এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। চাইকেল আৰোহী এই পৰিৱেশ কৰ্মী গৰাকীয়ে আজি গুৱাহাটীত নিশাটো কটাই কাইলৈ পুৱা মহাৰাষ্ট্ৰ অভিমুখে যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।

Leave A Reply