ভাৰত চৰকাৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেড আৰু পেট্ৰলিয়াম সংৰক্ষণ আৰু অনুসন্ধান সংঘৰ আহ্বান ক্ৰমে স্বাস্হ্য ৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যেৰে আজি নগাঁও চহৰত এক চাইকেল ৰেলী উলিওৱা হয়। আজি পুৱা প্ৰায় ৮ বজাত চহৰ খনৰ পানীগাঁও চাৰিআলিৰ ডচন হাইস্কুল খেলপথাৰৰ পৰা ওলোৱা এই চাইকেল ৰেলীত বিশিষ্ট সমাজকৰ্মী তথা বৰ্ষীয়ান নাগৰিক মুকুট ভূঞা, প্ৰবীন ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিয়ে অংশ গ্ৰহণ কৰাৰ লগতে প্ৰায় ডেৰ শতাধিক ব্যক্তিয়ে ৰেলীটোত অংশ গ্ৰহণ কৰে। নৱপ্ৰজন্মক পেট্ৰলিয়াম সংৰক্ষণ আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ অৰ্থে আয়োজন কৰা এই চাইকেল ৰেলীটো নগাঁও চহৰৰ প্ৰায় ১০ কিলোমিটাৰ পথেৰে পৰিভ্ৰমণ কৰে। উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ আহ্বান ক্ৰমে আজি নগাঁৱৰ লগতে গুৱাহাটী, যোৰহাট আৰু তেজপুৰতো একে উদ্দেশ্যেৰে চাইকেল ৰেলী অনুষ্ঠিত হয়।

