Breaking

অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ বিদ্যুৎ কুমাৰ দাসক উষ্ম সম্বৰ্ধনা

0 58

যোৱা ২০ ফেব্ৰুৱাৰী মংগলবাৰে, সাহিত্য সংস্কৃতিমূলক মাহেকীয়া আলোচনী ‘জোনাক’ৰ উদ্যোগত আৰু মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰিসংখ্যা শাখাৰ সহযোগত অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত অসামৰিক পৰীক্ষাত কৰ পৰিদৰ্শকৰূপে স্থান লাভ কৰা বিদ্যুৎ কুমাৰ দাসক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা, নৱবৰ্ষৰ কেলেণ্ডাৰসহ সন্মান জনোৱা দাসক উপস্থিত আটায়ে অভিনন্দন জনায় আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰে। কবি-লেখক-পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই সাৱলীলভাৱে আঁত ধৰা অনুষ্ঠানটোত দাসদেৱে নিজস্ব মনোভাৱ ব্যক্ত কৰি কয়, ” ‘জোনাক’ আলোচনীয়ে আজি দিয়া এই মৰম-শুভাশাক মই কেতিয়াও পাহৰিব নোৱাৰিম, যথেষ্ট কষ্ট-পৰিশ্ৰম কৰি পোৱা মোৰ এই সুখ্যাতিৰ ভাগত মই মা আৰু দেউতাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম, মানৱজীৱনৰ দু:খময় পৰিৱেশত মানুহ ভাগি পৰিব নালাগে আৰু সুখৰ পৰতো পাখি লগাই উৰি ফুৰিব নালাগে, মাথোঁ নিজস্ব ধ্যান-ধাৰণাৰে গতিপথত আগবাঢ়ি থাকিব লাগে।”


জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্য্যই বিশিষ্ট অতিথিৰ আসনৰ পৰাই ভাষণ প্ৰসংগত কয় যে “মানুহে সময় থাকোঁতেই প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে নিজকে নিৰৱচ্ছিন্ন ধৰণে লাগি থাকি উত্তীৰ্ণৰ শাৰীত ভৰি থব লাগে, বিদ্যুৎৰ কৃতিত্বই আমাক যথেষ্ট উৎসাহী কৰি তুলিছে।”

পৰিসংখ্যা শাখাৰ বিষয়া-কৰ্মচাৰী শৈলেন কলিতা, হৰমোহন দাস, মাচুম স্মৃতি দত্ত, নৃপেন দাস, ৰঞ্জিত বৰ্মন, নয়নজ্যোতি দাস, ৰফিক আলী, মীৰা দাস, মৌকন দাস, ৰাহুল ডেকা, সমৰজিৎ ৰামচিয়াৰী, প্ৰণীতা মৌপিয়া উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখন অতি সুকলমে পাৰ হৈ যায়।

Leave A Reply