Breaking

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন ! চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান…

0 24

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান 

সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ধেমাজি জিলাৰ দ্বি বাৰ্ষিক অধিবেশনখনি চিলাপথাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত  আজি অনুষ্ঠিত হয়। এদিনীয়া কাৰ্যসূচীৰে আয়োজিত অধিৱেশনৰ পুৱাত শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলনৰে আৰম্ভ হয়। ইয়াৰ পিচতে সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হেমচন্দ্ৰ পাঞাঙে আঁতধৰা আৰু জিলা সভাপতি যুগল শৰ্মাই সঞ্চালনা কৰা মুকলি সভাত সুদীৰ্ঘ চাৰি দশকে চাকৰিৰ অন্তত অৱসৰ লোৱা বন‌ বিষয়া ললিত ৰিচঙক সন্থাৰ তৰফৰ পৰা এখনি মানপত্ৰ , শৰাই, ফুলাম গামোচা আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত সদৌ অসম বন কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা ইন্দ্ৰ গগৈয়ে দেশৰ জনগণক সুৰক্ষা দিয়া সেনাই চৰকাৰৰ অধিক গুৰুত্ব পাই।

পিছে সমস্ত জীৱকুলৰ সুৰক্ষা দিয়া বন কৰ্মীয়ে চৰকাৰৰ সঠিক গুৰুত্ব নাপায় বুলি মন্তব্য কৰি জীৱ আৰু পৰিবেশ ৰক্ষা কৰাৰ স্বাৰ্থত নৱনিযুক্ত বনকৰ্মী সকলে প্ৰতি জোপা গছক পুত্ৰ জ্ঞান কৰি লালন পালন কৰিবলৈ দৃঢ় প্রতিজ্ঞ হবলৈ ভাষণ প্ৰসংগত আহ্বান জনায়। সভাত উপস্থিত বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগুৱে বিগত সময়ছোৱাত সন্থাই সম্পন্ন কৰা বিভিন্ন কাৰ্যসূীৰৰ ওপৰত বক্তব্য প্ৰদান কৰি সকলোকে ঐক্যৱদ্ধ হ’বলৈ সাৰুৱা ভাষণ প্ৰসংগত আহ্বান জনায়। একেদৰে সন্থাৰ উপ-সভাপতি দয়াল দাসে ৰাজহুৱা সভাত ৰাইজৰ তেনেই তকৰীয়া উপস্থিতি দেখি তীব্ৰ খেদ প্ৰকাশ কৰি সংগঠন বলিষ্ঠ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সকলোৱে সহযোগ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আঞ্চলিক নেতৃত্বত থকা সকলে অধিক তৎপৰ হ’ব লাগিব বুলি কয়।   

 

ইফালে সভাই যুগল শৰ্মাক সভাপতি আৰু মাধুৰ্য শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ১৭ জনীয়া সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ধেমাজি জিলাৰ এখন শক্তিশালী সমিতি গঠন কৰে। বিভিন্ন সমস্যাৰে জৰ্জৰিত বনকৰ্মীসকলৰ অসুবিধা দূৰীকৰণৰ বাবে গুৰুত্ব সহকাৰে আলোচনা কৰি কৰ্যকৰণৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।  পাৰিতোষিক, পদোন্নতি, অনন্য বানচ,চুটি আদি বন কৰ্মচাৰী সকলে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যা সমাধানত গুৰুত্ব প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। অনুষ্ঠানত জোনাই বনাঞ্চলিক বিষয়া গীতিমনি দলে,ধেমাজি বনাঞ্চলিক বিষয়া মিশ্ৰ দেউৰী, সদৌ অসম বন কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা ইন্দ্ৰ গগৈ,সভাপতি হোমেন পেগু,উপসভাপতি দয়াল দাস আদি কেইবাজনেও বক্তব্য প্ৰদান কৰে। লগতে চিলাপথাৰ,জোনাই, ধেমাজি,গোগামুখ, ডিমৌ,চিমেন চাপৰি আদি বিভিন্ন আঞ্চলিকৰ কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply