Breaking

বিল পৰিশোধক লৈ বৃহৎ ঘোষণা : ২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ

0 1,535

২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ! বিল পৰিশোধক লৈ বৃহৎ ঘোষণা

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ বিশাল কণভয়। আজি বিজুলী ভৱনত উপস্থিত হয় মন্ত্ৰী বিমল বৰা। অসমৰ জনসাধাৰণে যাতে বিদ্যুতৰ পৰা সমস্যাত নপৰে তাৰ বাবে চিন্তা-চৰ্চা।

২৪ ঘন্টাই যেন বিজুলী লাভ কৰে অসমৰ জনসাধাৰণে তাৰ বাবে বৈঠক অনুষ্ঠিত কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে বিদ্যুৎ চুৰিৰ বাবে আমি বহু কোটি টকাৰ ৰাজহ হেৰুৱাইছো । ৪১৬.৬৬ কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে ।

লগতে ১২৪ টা মুঠ চুৰি কাৰ্য ধৰা পেলোৱা হৈছে আৰু গোচৰ ৰুজু হৈছে বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে। তদুপৰি ১১.৬৫ কোটি টকা চুৰি কাৰ্য সংঘটিত কৰা লোকৰ পৰা সংগ্ৰহ কৰা হৈছে ।

তদুপৰি বিল পৰিশোধক লৈ বৃহত ঘোষণা কৰে। কয় যে, ৩০ হাজাৰ টকা লৈকে যিসকলে বিল পাইছে তেওঁ লোকে ১০ টা কিস্তিত দিব পাৰিব , AGM ৰ লগত কথা পাতি দিব পাৰিব। ৫০ হাজাৰ টকা বিল আহিলে ১৫ টা কিস্তিত দিব পাৰিব । ৫০ হাজাৰৰ অধিক বিল আহিলে বিজুলী ভৱনৰ মুখ্য প্ৰবন্ধকৰ সৈতে কথা পাতি সংশোধন কৰিব পাৰিব বুলি জনাই মন্ত্ৰী গৰাকীয়ে।

তদুপৰি এই কিস্তিৰ ধন অলাইন যোগে দিব পাৰিব বুলিও মন্ত্ৰী গৰাকীয়ে জনাই ।

Leave A Reply