Breaking

বিগ বি অমিতাভ বচ্চনৰ প্ৰশ্ন, কে বি চিত পুনৰ ডঃ হিমন্ত বিশ্ব শৰ্মা…

0 149

দূৰদৰ্শনৰ পৰ্দাৰ অতি জনপ্ৰিয় ৰিয়েলিটি অনুষ্ঠান “কৌন বনে কৌড়পতি ” ত পুনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কেচিচিৰ হট্ চিটত প্ৰতিযোগীক প্ৰশ্ন মেগাষ্টাৰ অমিতাভ বচ্চনৰ। এই জনপ্ৰিয় অনুষ্ঠানটোত শুদ্ধ উত্তৰ দি বহু প্ৰতিযোগী কোটিপতি হৈছে। ইয়াৰ পূৰ্বেও অমিতাভ বচ্চনে কেবিচিৰ অনুষ্ঠানটোত প্ৰতিযোগীক শুধিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰায়েই কোনটো নামেৰে মতা যায়।

ইয়াৰ বাবে তেওঁ উত্তৰত ৰাখিছিল , এ- চাচা, বি- মামা, চি- কাকা আৰু ডি- টাউ। অবশ্যে প্ৰতিযোগী গৰাকীয়ে মামা বুলি সম্পূৰ্ণ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিল। বৰ্তমান ১৫ সংখ্যক সংস্কৰণত স্বাভাবিক কথন শৈলীৰে প্ৰতিযোগীক প্ৰশ্ন মেগাষ্টাৰ অমিতাভ বচ্চনৰ– যোৰহাটত জন্মগ্ৰহণ কৰা কোনজন মুখ্যমন্ত্ৰী বেডমিণ্টন এচোছিয়েশ্যন অব্ ইণ্ডিয়াৰ সভাপতি। প্ৰতিযোগীজনৰ সম্মুখত ৰখা বিকল্প উত্তৰ সমূহ এ- নবীন পাটনায়ক, বি- ভূপেশ বাঘেল, চি- নীতিশ কুমাৰ আৰু ডি- হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় ৰিয়েলিটি শ্বো কে বি চিত দ্বিতীয় বাৰৰ বাবে স্হান পোৱাত আনন্দৰ জোৱাৰ উঠিছে ৰাজ্যখনত।

Leave A Reply