Breaking

শিক্ষক নিযুক্তিত বৃহৎত সিদ্ধান্ত। টেটৰ পৰিবৰ্তে অনুষ্ঠিত হ’ব নিয়োগ পৰীক্ষা…

0 132

পদ অনুযায়ী কৰা হব উৰ্ত্তীণ। হাইস্কুল-স্নাতকোত্তৰ টেট বাতিল। চৰকাৰী প্ৰাদেশিকীকৰণৰ বিদ্যালয়ৰ বাবে হব প্ৰযোজ্য। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি টেট পৰীক্ষাৰ সলনি নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰিব। ৰাজ্যিক কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

চৰকাৰে গ্ৰহণ কৰা নীতি মৰ্মে এতিয়াৰে পৰা হাইস্কুল আৰু স্নাতকোত্তৰ টেট পৰীক্ষা অনুষ্ঠিত নকৰে শিক্ষা বিভাগে। ইয়াৰ বিপৰীতে পদ অনুযায়ী নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰি সম পদৰ প্ৰাৰ্থীক উৰ্ত্তীণ কৰাব। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰটো ভৱিষ্যতে টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। পূৰ্বে দুটা পদ্ধতিত শিক্ষক নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল বুলি মন্ত্ৰী পেগুৱে উল্লেখ কৰি এতিয়াৰে পৰা পূৰ্বৰ দৰে টেট পৰীক্ষাৰ সলনি পোনপটীয়াকৈ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিয়ে।

Leave A Reply