Breaking

১ এপ্ৰিলৰ পৰা ৰাজপথত দেখা নাপাব ১৫ বছৰ পুৰণি বাহন;কিন্তু কিয়?

0 66

দেশৰ অৰ্থনীতিক অধিক সৱল কৰাৰ উদ্দেশ্যে মটৰ গাড়ী আইন সংশোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ অধিসূচনা জাৰি কৰিছে।

মন্ত্ৰালয়ে জাৰি কৰা এই অধিসূচনা অনুসৰি, ১ এপ্ৰিলৰ পৰা ১৫ বছৰ সম্পূৰ্ণ কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বাহন বাতিল কৰা হ’ব।ৰাজ্য নিগম আৰু পৰিবহণ বিভাগৰ বাছ আৰু যান-বাহনৰ ক্ষেত্ৰতো এই নতুন নিয়ম বাধ্যতামূলক হ’ব।

ইয়াৰ লগতে যিবোৰ বাহনৰ পঞ্জীয়ন নবীকৰণ কৰা হৈছে সেইবোৰকো বাতিল বুলি গণ্য কৰা হ’ব। এনে সকলো বাহন পঞ্জীয়নভুক্ত স্ক্ৰেপ চেণ্টাৰৰ দ্বাৰা নিষ্কাশন কৰিব লাগিব।

অৱশ্যে দেশৰ সুৰক্ষাত ব্যৱহৃত আৰু আইন শৃংখলা তথা আভ্যন্তৰীণ নিৰাপত্তাত জড়িত বাহনসমূহৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

উল্লেখ্য যে, ২০২১-২২ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছিল যে ব্যক্তিগত বাহনৰ ফিটনেছ পৰীক্ষা ২০ বছৰৰ পিছত আৰু বাণিজ্যিক বাহনসমূহে ১৫ বছৰৰ পিছত ফিটনেছ পৰীক্ষা কৰাব লাগিব।

এক এপ্ৰলিৰ পৰা প্ৰযোজ্য হ’বলগীয়া নতুন নিয়ম অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পুৰণি বাহন বাতিল কৰাৰ পিছত নতুন বাহন ক্ৰয় কৰিলে ২৫ শতাংশ পৰ্যন্ত কৰ ৰেহাই পাব বুলি কেন্দ্ৰই জনায়।  

Leave A Reply