নৱবৰ্ষত ডাঙৰ উপহাৰ, ৪৫০ টকাত উপলব্ধ হ’ব উজ্জ্বলা গেছ চিলিণ্ডাৰ…

২০২৪ চনৰ নতুন বছৰৰ প্ৰথম দিনাই ৰাজস্থানৰ ৰাইজে লাভ কৰিছে এক ডাঙৰ উপহাৰ। ইয়াত উজ্জ্বলা গেছ চিলিণ্ডাৰ মূল্য হ্ৰাস কৰা হৈছে। আজিৰ পৰা ৰাজস্থানত ৪৫০ টকাত উজ্জ্বলা গেছ চিলিণ্ডাৰ উপলব্ধ হ’ব। ৰাজস্থান চৰকাৰে নতুন বছৰত উপহাৰ দিলে। ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে এই প্ৰতিশ্ৰুতি দিছিল। বিজেপিৰ সংকল্প পত্ৰত বহু প্ৰতিশ্ৰুতিৰ লগতে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক ৪৫০ টকাত গেছ চিলিণ্ডাৰ দিয়া হ’ব বুলি কোৱা হৈছিল। ইয়াক পূৰণ কৰি বিজেপিয়ে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ৪৫০ টকাত এল পি জি গেছ চিলিণ্ডাৰ উপলব্ধ কৰিছে।

পূৰ্বৰ অশোক গেহলট চৰকাৰে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা উজ্জ্বলা আঁচনিৰ অধীনত ৫০০ টকাত গেছ চিলিণ্ডাৰ দিবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ২০২২ চনৰ ২২ ডিচেম্বৰত ৰাইজক সস্তাত গেছ চিলিণ্ডাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল, যিটো তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহত পূৰণ কৰিছিল। এতিয়া বিজেপিয়ে ৫০ টকাকৈ মূল্য কমাইছে।

Related Articles