যিসকলে দুবছৰ ধৰি ই-মেইল ব্যৱহাৰ কৰা নাই সেইসকললৈ ডাঙৰ খবৰ। ১ ডিচেম্বৰত গুগুলে ডিলিট কৰিব লাখ লাখ ই-মেইল একাউন্ট।
কেৱল ই-মেইল নহয়, গুগুল ফটোজ, গুগুল ড্রাইভ, কন্টেক্ট আদি আঁতৰাই দিব গুগুলে।
১ ডিচেম্বৰৰ দিনা গুগুলে লাখ লাখ নিষ্ক্রিয় একাউন্ট ডিলিট কৰিব বুলি কৰিছে ঘোষণা।
আপোনাৰ গুগুল একাউন্ট কেনেদৰে সক্ৰিয় কৰিবলৈ জি-মেইল একাউণ্টৰ জড়িয়তে
ই-মেইল প্ৰেৰণ কৰক, গুগুল ড্রাইভ ব্যৱহাৰ কৰক, গুগুল প্লে ষ্ট’ৰৰ পৰা এপ ডাউনলোড কৰক, গুগুলত যিকোনো বিষয়বস্তু সন্ধান কৰক, থার্ড পার্টী এপৰ পৰা গুগুল ছাইন ইন কৰক।

উল্লেখ্য যে গুগুলে কেতিয়াও বিজনেছ একাউন্ট ডিলিট নকৰে।
গুগুলে কেতিয়াও স্কুলৰ যিকোনো একাউন্ট ডিলিট নকৰে।