মাজবাট আৰক্ষীৰ বৃহৎ সফলতা। ৭৯৫ কিলোগ্রাম গাঞ্জা জব্দ চিকাৰীডাংগাত…

ওদালগুৰি জিলাৰ মাজবাটৰ লালপানী আৰক্ষীৰ চকীৰ অসম অৰুণাচল সীমান্ত এলেকাৰ চিকাৰীডাংগাৰ পৰা বৃহৎ পৰিমানৰ ভাং জব্দ কৰে আৰক্ষীয়ে। যোৱা নিশা ওদালগুৰি জিলা আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ এছ আই কুশল চন্দ্র নাথ আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাৰ যৌথ অভিযানত ওৰাং ৰূপা পথৰ চিকাৰীডাংগাৰ ঘন অৰন্যত তালাচী চলাই লুকুৱাই থোৱা অৱস্থাৰ পৰা ৭৯৫ কিলোগ্রাম ভাং জব্দ কৰি কৰি মাজবাট আৰক্ষী থানালৈ লৈ আনে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

লালপানী আৰক্ষী চকীৰ বিষয়া প্ৰনৱ বৰুৱাই সাংবাদিকক কয় যে জব্দ কৰা ভাং খিনি অৰুণাচল প্ৰদেশৰ পৰা আনি চিকাৰীডাংগাৰ ঘন অৰন্যত লুকুৱাই ৰাখিছিল। জব্দ কৰা ভাং খিনিৰ বজাৰ মুল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে এই সংক্ৰান্তত ৪৯/২৩ নম্বৰত এটা কেচ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

মাজবাটৰ পৰা যতীন নাথৰ প্ৰতিবেদন

Related Articles