Breaking

বিহালীৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী কিশোৰীক উদ্ধাৰ বিহালী আৰক্ষীৰ

0 100

বিহালীৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকী অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিহালী আৰক্ষীই । বিহালীৰ ৰঙাগড়ৰ পৰা যোৱা ১২ মেত নিৰুদ্দেশ হৈছিল দুগৰাকী কিশোৰী বিনোদ মুণ্ডাৰ ১৬ বছৰীয়া কিশোৰী অঞ্জুু মুণ্ডা আৰু একেখন গাঁওৰে সত্যবতী মৌলিকৰ ১৭ বছৰীয়া কিশোৰী দিপিকা মৌলিক যোৱা ১২ – ৫-২০২২ তাৰিখে তেওঁলোকৰ ঘৰৰ পৰা সন্ধান হীন হয় বুলি জানিবলৈ দিয় ।


ঘটনা সংক্ৰান্ত কিশোৰী দুগৰাকী পৰিয়ালৰলোকে বিহালী আৰক্ষীক এজাহাৰ দাখিল কৰে । তাৰ পাছতে বিশ্বনাথ আৰু বিহালী আৰক্ষী স্থায়ী তদন্তৰ সুত্রে তথ্য পাই বিশ্বনাথ জিলা আৰক্ষী অধ্যক্ষৰ অনুমতি সাপেক্ষে বিহালী বৰগাঙ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে নেতৃত্ব এটি আৰক্ষী দল গৈ উক্ত স্থানত উপস্থিত হৈ নাহৰলগুন আৰক্ষী সহযোগত নিৰুদ্দেশ হৈ থকা কিশোৰী দুগৰাকীক অৰুণাচল নাহৰলগুনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে বিশ্বনাথ জিলা আৰু বিহালী আৰক্ষী এনে সফলতাত ধন্যবাদ জ্ঞাপন কৰিলে একাংশ স্থানিয় ৰাইজে ।

Leave A Reply