বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU

৬ মে’ ২০২৫: BIHU । বন্তি জ্বলাই মাংগলীক ধ্বনিৰে ৫ মে’ত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন হৈ যায়। লাইখুটা স্থাপন কৰে কেন্দ্ৰীয় বিহুৰ আজীৱন উপদেষ্টা গোপিকানন্দ শইকীয়া আৰু খগেন বৰাই। উল্লেখ্য যে বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি আছে ৷ ২৯, ৩০, ৩১ ব’হাগ অৰ্থাৎ ১৩, ১৪, ১৫ মে’ত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বোকাখাত ষ্টেচন ক্লাব, সন্মিলিত যুৱ সংঘ, মধ্য বোকাখাত বিহু সন্মিলন, নাগৰিক কল্যাণ সমিতি আৰু কেন্দ্ৰীয় বিহু সন্মিলনৰ যৌথ উদ্যোগত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ, ২০২৫ ৰ ব্যাপক আয়োজন চলি আছে। বোকাখাত কেন্দ্ৰীয় বিহুতলীত আয়োজন কৰা বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ প্ৰথম দিনা ২৯ ব’হাগ অৰ্থাৎ ১৩ মে’, মঙলবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কাৰ্যসূচীৰ মুখ্য উত্তোলক কৰিব বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী অতুল বৰাই ৷ সমান্তৰালকৈ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিৰ দ্বাৰা আন ৫০ খন পতাকাও উত্তোলন কৰা হ’ব ৷ ইয়াৰ পিছতে স্মৃতি তর্পণ কাৰ্যসূচীৰ মুখ্য তৰ্পক হিচাবে তৰ্পন কৰিব উদযাপন সমিতিৰ আজীৱন উপদেষ্টা দিলীপ শইকীয়া আৰু গোপিকানন্দ শইকীয়াই ৷

পুৱা ১০ বজাত সকলো জাতি-জনগোষ্ঠীৰ লোককৃষ্টিৰে বাৰেৰহনীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ৷ দিনৰ ১১ বজাত কেন্দ্রীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বিহুনাচ আৰু ঢোলবাদন কর্মশালাৰ প্রশিক্ষার্থীক মানপত্র প্রদান কৰিব উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ বিয়লি ৩ বজাত সদৌ অসম ভিত্তিত হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণী ২০২৫ প্রতিযোগিতাৰ শুভাৰম্ভ আৰু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা ৩০ ব’হাগ, ১৪ মে’, বুধবাৰে পুৱা ৫ বজাত গোলাঘাট জিলা ভিত্তিত ল’ৰা আৰু ছোৱালী উভয় শাখাত ‘মাৰাথন’ প্রতিযোগিতা উদ্বোধন কৰিব উদযাপন সমিতিৰ মুখ্য উপদেষ্টা উত্তম শইকীয়াই ৷ পুৱা ১০ বজাত শিশুসকলৰ মাজত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ দিনৰ ১১ বজাত মহিলাসকলৰ বিশেষ অনুষ্ঠানৰ লগতে গোলাঘাট জিলা ভিত্তিত মহিলাৰ জাতীয় সাজপাৰ আৰু পুস্পসজ্জা প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷

বিয়লি ৩ বজাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়া আৰু বোকাখাতৰ বিশিষ্ট নাগৰিকৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত প্ৰথম সাংস্কৃতিক সন্ধ্যাত স্থানীয় নিৰ্বাচিত আৰু আমন্ত্ৰিত শিল্পীৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী আস্থাজিতাই গীত পৰিৱেশন কৰিব ৷ ৩১ ব’হাগ, ১৫ মে’, বৃহস্পতিবাৰে অন্তিম দিনা পুৱা ১০ বজাত গোলাঘাট জিলা ভিত্তিত অসমীয়া নিৰ্বাচিত গীতত একক আৰু দলীয় সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বিয়লি ৫ বজাত সোণালী জয়ন্তী উদযাপন উপলক্ষে প্ৰকাশ কৰি উলিওৱা অমৰ শৰ্মাৰ সম্পাদনাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকর্ষণ হিচাবে থাকিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ ‘গীতৰ শৰাই’ ৷ লগতে কেন্দ্ৰীয় বসন্ত উৎসৱত প্ৰথম স্থান লাভ কৰা হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণীয়ে বিহু প্ৰদৰ্শন কৰিব ৷ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ সন্দৰ্ভত ৯৩৬৫০০৩৬০৯, ৭০০২১০৮১৪৩ আৰু ৮৬৩৮৩৯৪৩০৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ শইকীয়া আৰু মুখ্য সম্পাদক ৰাজীৱ বৰাই জানিবলৈ দিছে। অনুষ্ঠানটোলৈ সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠান সফল কৰি তুলিবলৈ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা ৰাইজলৈ আহ্বায়ক জনাইছে।

Related Articles