BIHU । অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল গৰিমা শইকীয়া গাৰ্গ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই। শনিবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু। বিহুক বিশ্বৰ আগত নতুন ৰূপত পৰিচয় কৰি দিয়া জুবিন গাৰ্গৰ অবৰ্তমানে শোকাহত কৰি ৰাখিছে ৰাজ্যবাসীক। ইয়াৰ মাজতে আজি পৰম্পৰা ৰক্ষা কৰি অসমীয়াই কাতি বিহু পালন কৰে। আজি কাতিবিহু । ৰাজ্যৰ চহা অসমীয়াই উদযাপন কৰিছে বাপতিসাহোন কাতি বিহু । অসমবাসীয়ে বেদনা গধুৰ মনেৰেই লখিমীক আহ্বান জনাই তুলসীৰ তলত বন্তি জ্বলায় ।ৰাজ্যৰ বহু ঠাইত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আমগুৰিৰ জালুক গাঁওৰ বৰনামঘৰ প্ৰাংগণত পুৱাৰে পৰা কাতি বিহুৰ পৰম্পৰা পালন কৰা হৈছে । নামঘৰৰ বাটচ’ৰাত জুবিন গাৰ্গৰ ফটোত ধূপ-চাকি জ্বলাই তুলসীৰ তলত গাঁৱৰ কিশোৰ-কিশোৰীসকলে প্ৰাৰ্থনা কৰিছে । যুৱক-যুৱতী তথা মহিলাসকলে দিহানাম পৰিৱেশন কৰি উঠি অহা প্ৰজন্মক কাতি বিহুৰ পৰম্পৰা সম্পৰ্কে জ্ঞান দিয়ে । উল্লেখ্য শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল আৱাহন কৰি তুলসী তলত বন্তি জ্বলোৱাৰ নিয়ম তথা পৰম্পৰা অসমৰ জনজীৱনৰ ভিন্ন লোকাচাৰ ।

ইপিনে সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল জনতাৰ শিল্পীজনাৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ।স্বামীৰ সমাধিস্থলীত মাজনিশা উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সমাধিত চাকি-ধূপ জ্বলাই কিছু সময়ৰ বাবে নিৰৱ হৈ বহি পৰে তেওঁৰ কাষত ৷ অজস্ৰ অনুৰাগীয়ে ভিৰৰ মাজতে গালে মায়াবিনী ৷ জুবিনৰ লগত মনৰ কথা পাতিবলৈ এনেদৰেই সমাধিলৈ আহি থাকিব বুলি মন্তব্য কৰে গৰিমাই ৷গৰিমাই কয়, “যেতিয়াই মোৰ জুবিনক কথা ক’বলৈ মন যাব, মই আহিম ৷ জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব, মই তেওঁক সকলো কম, তেওঁ শুনিব ৷ আপোনালোকে প্ৰাৰ্থনাত জুবিনক ৰাখক, মোক আশীৰ্বাদ কৰক ৷ জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব ৷ এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমিয়েই কৰিব লাগিব ৷” এনেদৰে কৈ আবেগিক হৈ পৰিল গৰিমা ৷জুবিনৰ বহু পুৰণি বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজাও গৈছিল সমাধিস্থলীলৈ ৷ আচম্বিতে তালৈ যোৱাৰ পৰিকল্পনা কৰি তাত উপস্থিত হৈ আচৰিত হৈ পৰে সকলো ।

