Breaking

চাবুৱাত বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিহু বিচাৰকৰ সমাৰোহ সম্পন্ন…

0 1,088

বিহু সুৰক্ষা সমিতি ,অসম চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিৰ তত্বাৱধানত  জিলা ভিত্তিত এখনি বিহু বিচাৰকৰ সমাৰোহ আজি চাবুৱাত সফলতাৰে অনুষ্ঠিত হৈ যায়। চাবুৱা নগৰস্থিত নৰ্থ ইষ্টাৰ্ণ ইঞ্জিনিয়াৰিং ইন্সটিটিউটত দিনজোৰা কাৰ্যসূচীৰে এই সমাৰোহখনি অনুষ্ঠিত হয়।  পূৱা ৯ বজাৰ পৰা ১০ বজাৰ পৰা চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সভাপতি প্ৰশান্ত নেওগৰ পৌৰোহিত্যত উক্ত সমাৰোহত আঞ্চলিক, জিলাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

আঞ্চলিকৰ সম্পাদক পুৰন্দৰ গোহাঁইয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য বিশ্বজনীন দত্ত, উপদেষ্টা নৰেণ চেতিয়া, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কৃপাল ফুকন, জিলাৰ সভাপতি পিতাম্বৰ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ উৎপাদনী বিভাগৰ সম্পাদক ৰমণী দিৰিয়াল,কাৰ্যকৰী সভাপতি বীৰেন গগৈ, সম্পাদক দীনেশ বৰগোহাঁইকে ধৰি অন্যান্য বহুতো গন্যমান্য ব্যক্তি। অন্যহাতে অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে দিলীপ শইকীয়া আৰু ভবেন হাজৰিকাই। সমল ব্যক্তিৰ ভাষণৰ প্ৰাক্ মূহুৰ্তত বন্তি প্ৰজ্বলন কৰে বিশ্বজনীন দত্তই। দত্তদেৱে তেখেতৰ চমু বক্তব্যত বিহু সুৰক্ষা সমিতিৰ লক্ষ্য-উদ্দেশ্যৰ সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়।উক্ত সমাৰোহখনিত চাবুৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকে অংশগ্ৰহণ কৰে। 

Leave A Reply