Breaking

তেজপুৰত বিহু শিল্পী সংস্থাৰ ১১ দিনীয়া বিহুনাচ, বিহুনাম আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি…

0 12

অসমৰ ঐতিহাসিক নগৰী তেজপুৰত সদৌ অসম বিহু শিল্পী সংস্হাৰ উদ্যোগত আৰু স্হানীয় ৰাইজৰ সহযোগত বিহুৰাণী ৰুবী দাসৰ ঘৰৰ চৌহদত ১১ দিনীয়া বিহুনাচ আৰু ঢোল বাদন প্ৰশিক্ষণৰ কালি সামৰণি পৰে ৷এই প্ৰশিক্ষণত প্ৰায় ৩০গৰাকী শিশুসহ যুৱকৰ ঢোলবাদনৰ প্ৰশিক্ষণ আৰু বিভিন্ন বয়সৰ শিশু সহ ষোড়শী গাভৰুৰো বিহুনাচ প্ৰশিক্ষণ গ্ৰহন কৰি বিহু নাচ আৰু বিহুনামৰ তালে তালে আখৰা গ্ৰহন কৰে। ৷ পৰম্পৰাগত জাতীয় সাজপাৰ পৰিধাৰে বিহুনাচ প্ৰদৰ্শনৰে বিহুৱাই পৰিবেশন কৰা বিহুনামৰ তালে তালে নাচ পৰিৱেশন কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টিকৰা দেখা যায়।

তেজপুৰৰ বৰ বিহুৱতী মমী শইকীয়া, ৰুৱী দাস অঞ্জুমণি ভুঞা, তৰুলতা দাস আৰু জোন বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত এই বিহু নাচ আৰু বিহুনাম আৰু ঢোল বাদনৰ কৰ্মশালাৰ প্ৰশিক্ষণ দিয়া হয়৷ বৰবিহুৱা লক্ষীশইকীয়া, ঢুলীয়া দিব্যজোতি লাহন, সিদ্ধাৰ্থশংকৰ বৰা আৰু প্ৰাক্তন বিহুৱতী তৰুলতা দাসৰ বিভিন্ন আকৰ্ষনীয় নৃত্যৰ ভংগীমাৰে ষোড়শী গাভৰু আৰু শিশুক বিহুনাম আৰু বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ এই বিহুৰ প্ৰশিক্ষণে এক শুদ্ধ নৃত্যশৈলীৰ অনুসৰনৰে নতুন প্ৰজন্মৰ মাজত বিহু নৃত্য গীতৰ প্ৰশিক্ষণ দিয়া সকলেোৱে অতি আগ্ৰহেৰে নৃত্য গীতৰ প্ৰশিক্ষণ গ্ৰহন কৰে আৰু এই ক্ষেত্ৰত অভিভাৱক সকলোৱে বিশেষ সহযোগিতা আগবঢ়াই আয়োজক সকলক উৎসাহিত কৰা বুলিও কয় আৰু ইয়াৰ বাবে সকলোকে অভিনন্দন জনায়৷

বিয়লি এই কৰ্মশালাৰ সামৰণি সভাত প্ৰশিক্ষন প্ৰদান কৰা প্ৰশিক্ষক সকলক গামোছা প্ৰদানৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু প্ৰশিক্ষণ গ্ৰহন কৰা শিক্ষাৰ্থী কলক৷মান পত্ৰও আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়৷ বিহু শিল্পী সংস্হাৰ সভাপতি সুৰেণ হাজৰিকাই আঁত ধৰা সামৰণি সভাত বিশেষভাৱে সমিতিয়ে দীপক শইকীয়া, তৰুলতা দাস আৰু জোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া সৌৰভ পানী ফুকনক কৰ্মশালাত বিশেষকৈ সম্বৰ্ধনা জনায়৷অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, জ্যেষ্ঠ সাংবাদিক মনোজ বৰা উপস্থিতি থাকি বিহুনাম আৰু ঢোলবাদন পৰিৱেশন কৰি সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনায়৷ ১১ দিনীয়া এই প্ৰশিক্ষণৰ অন্তিম দিনলৈকে সকলোৰে পুৰ্ণ সহযোগিতাৰ বাবে বিহু শিল্পী সমাজৰ তৰফৰ পৰা সম্পাদক দীপাংকৰ শইকীয়াই সকলোকে অভিনন্দন জ্ঞাপন কৰে ।

Leave A Reply