Breaking

চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু কৰ্মশালা,দুই শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

0 1,026

সোমবাৰব পৰা চিলাপথাৰৰ খনামুখ যুৱক সংঘৰ প্ৰাঙ্গনত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে দহদিনীয়া বিহু কৰ্মশালা । অহা ১২ এপ্ৰিললৈকে চলিৱ লগীয়া বিহু নাচ, বিহুনাম আৰু ঢোল, পেঁপা বাদনৰ কৰ্মশালাখনত বিভিন্ন স্থানৰ প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৰ্মশালাখনত বিহুনাচৰ প্ৰশিক্ষক হিচাপে ২০১২ বর্ষৰ dy বিহুৰাণী মণিকাঞ্চন কোঁৱৰ , ঢোলৰ প্ৰশিক্ষক হিচাপে বিশিষ্ট ঢুলীয়া দীপক গগৈ , ভবেশ গগৈ আৰু পেঁপা বাদনৰ প্ৰশিক্ষক হিচাপে সঞ্জীৱ ৰাজকোঁৱৰে অংশগ্ৰহণ কৰিছে । কৰ্মশালাখন উদ্বোধন কৰে চিলাপথাৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিপিন ৰাজখোৱাই ।

অনুষ্ঠানত অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুৱন দাস, সাংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰ, অধ্যাপিকা ৰেণু বৰাকে ধৰি বহুতো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

Leave A Reply