জামুগুৰিহাটত বিহু কৰ্মশালাৰ সামৰনি। আবতৰীয়া বিহুয়ে কপালে জামুগুৰিহাট

আবতৰিয়া বিহুয়ে কপালে জামুগুৰিহাট৷ঢোল পেপা গগনাৰ মাতৰ লগতে ঢুলীয়াৰ ঢোলৰ চেৱত এজাক নাচনীৰ নাচত আজি ৰজনজনাই গল সমগ্ৰ জামুগুৰিহাট৷ হয় জামুগুৰিহাটৰ কুচুমটোলাৰ এক অগ্ৰনী সাংস্কৃতিক গোষ্ঠী গগনাৰ সৌজ্ন্যত অনুস্ঠিত বিহু কৰ্মশালাৰ আজি সামৰনিৰ দিন৷ এইউপলক্ষে কুচুমটলাৰ হাইস্কুলৰ প্ৰাংগনত আজি অনুস্হিত হয় এক বৰ্নাধ্য কাৰ্যসুচীৰ ৷জামুগুৰি নগৰ কমিটিৰ পৌৰপতি পল্লবীতা শৰ্মা মহন্তই শুভ উদ্বোধন কৰা এই বিহু অনুস্হানত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে৷

উল্লেখ্য যে যোৱা ১৫ জুলাইৰ পৰা ৩০ জুলাইলৈ কুসুমটলাত অনুস্হিত হৈছিল এক বিহু কৰ্মশালা এই কৰ্মশালাত অন্চলটোৰ প্ৰায় শতাধিক যুবক যুবতীয়ে অংশগ্ৰহণ কৰে৷ অসমীয়া জাতীয় জীবনৰ অন্যতম উপাদান ঢোল পেপাৰ লগতে বিহু নাচৰ প্ৰশিক্ষন দিয়া এই কৰ্মশালাত ঢোল আৰু পেপা বাদনৰ প্ৰশিক্ষক হিচাপে উপস্হিত থাকে ক্ৰমে ৰন্টু বৰকটকী ;উৎপল দাস আৰু ;ৰিপুন শইকীয়া৷ একেদৰে বিহু নাচৰ প্ৰশিক্ষন দিয়ে বিহুৱতী ৰশ্মিৰেখা দাস আৰু পম্পী গগৈয়ে৷ অসমৰ সাংস্কৃতিক ৰাজধানী ৰুপে পৰিচিত জামুগুৰিহাটৰ কুসুমটলাৰ গগনা সাংস্কৃতিক গোষ্ঠিৰ এনে বিহু কৰ্মশালাই উঠি অহা প্ৰজন্মক সাংস্কৃতিক দিশত যথেস্ট আগুৱাই নিব বুলি সাংস্কৃতিক মহলে মন্ত্যব্য কৰাৰ লগতে তেওঁলোকৰ এনে মহৎ প্ৰচেস্টাক সকলোৱে প্ৰশংসা কৰিছে৷

Related Articles