Breaking

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ বিজিতে লাভ কৰিলে বনবিভাগত নিযুক্তি ৷ মাতৃৰ চকুত আনন্দৰ চকুলো…

0 84

সদ্যঘোষিত চাকৰিৰ ফলাফলত জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ গৃহত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে৷ পুত্ৰ বিজিত হাজৰিকাই বন বিভাগত এটি চাকৰি লাভ কৰাত মাতৃয়ে চকুলো টুকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনালে ধন্যবাদ ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়াৰ বাবেই এইদৰে দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীসকলে চাকৰি পাবলৈ সক্ষম হৈছে বুলিও মনৰ ভাৱ প্ৰকাশ কৰিলে ফলাফলত উৰ্ত্তীৰ্ণ বিজিতে ৷ চৰকাৰখনৰ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে গাঁওবাসীয়েও মুখ্যমন্ত্ৰীগৰাকীক জনালে ধন্যবাদ ৷


জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন

Leave A Reply