বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু ঘটা মাছখোৱাৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে অনুষ্ঠিত হয় ৰাজহুৱা আদ্য শ্ৰাদ্ধ। এই কাণ্ডৰে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী আত্মীয় দল সংগঠনৰ।(Bikash chetry)
বন্ধুৰ ঘৰলৈ গৈ বন্ধুৰ নিৰ্মম অত্যাচাৰত আহত হৈ অকাল মৃত্যুক আকোৱালি লোৱা ধেমাজি জিলাৰ নৱগঠিত চিচিবৰগাওঁ সমষ্টিৰ মাছখোৱা চাৰিআলিৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈ যায়।(Bikash chetry)
উল্লেখ্য যে যোৱা-১৯ মে’ৰ সন্ধিয়া নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি নিশা প্ৰায় ১১ বজালৈকে চিন্তু শইকীয়া আৰু মিন্টু ৰাজ কামান নামৰ দুজন বন্ধুৰ লগত আছিল আৰু বহুলোকে তেওঁলোকক প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতেই অন্য এজন বন্ধু সীমান্ত শইকীয়াক ঘৰত থবলৈ গৈছিল বিকাশ।
পিছদিনা পুৱা ৪.৩০ বজাত ৰহস্যজনকভাৱে সীমান্ত শইকীয়াৰ ঘৰৰ সন্মুখৰ পথাৰত বিকাশ ছেত্ৰীক গুৰুত্বৰভাৱে আহত অৱস্থাত বোকাত লুটৰি পটুৰি হৈ পৰি থকা পোৱা যায়।
প্ৰথমে বিকাশক বেঙেনাগড়া খণ্ড অসামৰিক চিকিৎসায়ত তাৰ পিছত ধেমাজি চিভিলত বিকাশক চিকিৎসাৰ বাবে নিয়ে সীমান্ত শইকীয়াই। কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড় লৈ নিয়াৰ পৰামৰ্শ দিয়ে। বিকাশৰ আত্মীয়ই এই কথা দেৰিকৈ গম পায় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত নি ভৰ্তি কৰাই গৈ বিকাশক তাতে চিকিৎসাৰত অৱস্থাতে ২৬ মে’ত বিকাশ ছেত্ৰীৰ অকাল মৃত্যু হয়।
মাছখোৱা অঞ্চলৰ এগৰাকী সৰবৰহী যুৱক বিকাশৰ এই অকাল মৃত্যুত ক্ষুব্দ হৈ পৰা শ শ ৰাইজে মাছখোৱা আৰক্ষী থানা ঘেৰাও কৰি,প্ৰতিবাদী সভা পাতি ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰত প্ৰতিবাদ জনাই।
ৰাইজৰ এই প্ৰতিবাদৰ পিছতেই বিকাশৰ বন্ধু সীমান্ত শইকীয়া,সুনীল কোঁচ,চিন্তু শইকীয়া,মিন্টুৰাজ কামান আৰু,সীমান্তৰ
মাতৃ ৰঞ্জু শইকীয়াক এই হত্যাকাণ্ডৰ সৈতে জড়িতৰ অভগযোগত মাছখোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
কিন্তু পৰিয়ালে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ সন্তোষ্ট হ’ব পৰা নাই।চিন্তিত হৈছে পৰিয়াল আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব নেকি ?
সেইয়ে আজি আদ্য শ্ৰাদ্ধৰ দিনাই বিভিন্ন ব্যক্তি,তথা দল সংগঠনে বিকাশ ছেত্ৰীৰ হত্যাকাণ্ডৰে জড়িত অপৰাধী য়ে যাতে দৃষ্টান্তমূলক শাস্তি লাভ কৰে তাৰ বাবে প্ৰশাসনক দাবী জনাই।