ঈদৰ আনন্দৰ উল্লাসৰ মাজতে মটৰ চাইকেল দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ২ নম্বৰ বুঢ়িচাটাম গাঁৱত যুৱকৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে শুকুৰবাৰে বিয়লি ছয় মান বজাত বুঢ়িচাটাম গাঁৱৰ বাসিন্দা মফিজুদ্দিন শ্বেখ নামৰ যুৱকজনে মটৰচাইকেলেৰে ঘৰৰ পৰা ৩১ নম্বৰ “গ” ৰাষ্ট্ৰীয় ঘাইপথেৰে গোসাঁইগাঁও অভিমুখে গৈ থকা সময়ত শ্ৰীৰামপুৰৰ ওচৰত হাৰাপুটাত থকা এটি তেল ডিপোৰ সমীপত দুৰ্ঘটনাত পতিত হয়।
বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ইউ পি ৬৩ এটি- ৩৫৬৬ নম্বৰৰ ট্ৰাকৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথত যুৱকজন ছিটিকি পৰাত মুৰত আঘাত পাই আৰু ঘটনাস্হলীতে যুৱকজনৰ মৃত্যু হয়। ঘটনাৰ খবৰ পাই শ্ৰীৰামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰায় ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আটক কৰে।

