Bilasipara । সমাজত সজাগতা সৃষ্টিৰে বিলাসীপাৰা সমজিলা খনৰ চৰকাৰী উন্নয়ণৰ ক্ষেত্ৰত সাংবাদিক সকলৰ পূৰ্ণ সহযোগ লাগিব বুলি আজি বিলাসীপাৰা সমজিলা আয়ুক্ত প্ৰীতিৰেখা ডেকাই সহযোগিতা বিচাৰে। বিলাসীপাৰা,চাপৰ,সাপটগ্ৰাম আৰু নায়েৰআলগা প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগত এখন সভা অনুষ্ঠিত হয় ।তাত নিজৰ কৰ্ম ক্ষেত্ৰৰ পৰিচয় দাঙি ধৰে ।

লগতে অন্যান্য সাংবাদিক সকলৰ লগত চিনাকি হৈ মতবিনিময় কৰে। সভাখনত জ্যেষ্ঠ তথা চৰকাৰী পেঞ্চনাৰ প্ৰাপ্ত সাংবাদিক মোছলেমউদ্দিন আহমেদে বিলাসীপাৰা চহৰৰ চাৰি নং ওৰ্ৱাডত অৱস্থিত আজিৰে পৰা প্ৰায় চল্লিছ- পয়চল্লিছ বছৰ ধৰি বন্ধ হৈ থকা চৰকাৰী বাণিজ্যিক উদোগ কেন্দ্ৰটোৰ পৰা শিক্ষিত আৰু অৰ্ধশিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলে প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈ আছে বুলি জনায় ।
তাৰোপৰি বিলাসীপাৰা নগৰ পয়প্ৰণালীৰ পৰা বিশুদ্ধ খোৱাপানীৰ যোগানৰ পৰা প্ৰায় কুৰি বছৰৰ অধিককাল উকলি গল যদিও অধিক সংখ্যক নগৰবাসীয়ে পানী যোগান পোৱাৰ পৰা বঞ্চিত হৈ আছে।ব্যাপকহাৰত কৃষকৰ মৰাপাট উৎপাদন হয় অথচ বিলাসীপাৰা মৰাপাট নিগমৰ পৰা চৰকাৰী মূল্যত ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হোৱা নাই।এই বিষয় কেইটাৰ ওপৰত দৃষ্টি দিবলৈ জৈষ্ঠ্য সাংবাদিক আহমেদে অনুৰোধ জনায়।লগতে অন্যান্য সাংবাদিক সকলে ব্যাপক হাৰত ই-ৰিক্সাৰ চলাচলে পথচাৰী আৰু যান-জোঁট,বিদ্যুৎ বিভাগ,জলসিঞ্চন ব্যৱস্থা,ছাত্র-ছাত্রীৰ বিনামূলীয়া কিতাপ-বহীৰ সমস্যা সন্দৰ্ভত বিতং আলোচনা কৰে।বিলাসীপাৰা প্ৰেছ ক্লাৱৰ সভাপতি বাপ্পা সৰকাৰ আৰু সম্পাদক সঞ্জয় শৰ্মাই বিলাসীপাৰা সমজিলা আয়ুক্ত গৰাকীক আদৰণি জনাই শুভেচ্ছাৰ জ্ঞাপন কৰে।

