ডিজিটেল ডেস্ক: Bilasipara Eviction অসমৰ বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ এটি সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ বুলডজাৰে সন্তেষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটা (১ম আৰু ২য় খণ্ড) অঞ্চলত চলাইছে বৃহৎ উচ্ছেদ।
এই অভিযানত প্ৰায় ২ হাজাৰ পৰিয়াল উচ্ছেদ কৰা হৈছে, যাৰ ফলত গৃহহীন হোৱাৰ বিপৰ্যয়ত পৰিছে প্ৰায় ২০ হাজাৰ লোক। উচ্ছেদস্থলীত ৰখা হৈছে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী, যাতে অভিযান নিৰৱিচাৰভাৱে সম্পন্ন হয়।
উল্লেখযোগ্য যে, তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলাইছে চৰকাৰে। উক্ত ভূমি আদানী গ্ৰুপক প্ৰদান কৰা হ’ব বুলি চৰকীয় সূত্ৰে জনোৱা হৈছে।
প্ৰশাসনে কিছুবছৰ পূৰ্বে এই ভূমিসমূহ খালি কৰিবলৈ জাননী জাৰী কৰিছিল, যাৰ পাছতেই অধিকাংশ পৰিয়াল স্থানান্তৰিত হৈছিল।