Bilasipara Eviction: চাপৰৰ সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা উচ্ছেদঃ আৰক্ষীৰ লগত উচ্ছেদিতাৰ সংঘৰ্ষ

ডিজিটেল ডেস্ক: Bilasipara Eviction চাপৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা অঞ্চলত আজি পুৱা আৰম্ভ হোৱা উচ্ছেদ অভিযান অসমৰ ইতিহাসৰ ভিতৰত আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান হিচাপে অভিহিত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ভূমি উন্নয়ন আৰু ৰাজহ বিভাগৰ উদ্যোগত চলিছে এই অভিযান।

উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি। হাজাৰ হাজাৰ লোক হাতে লাঠি লৈ উপস্থিত হয় আৰু তেওঁলোকে উচ্ছেদ বন্ধ কৰিবলৈ আৰক্ষীক বাধা দিয়ে। আৰক্ষীৰ সৈতে এই উচ্ছেদিত লোকসকলৰ মুখামুখি সংঘৰ্ষত পৰিস্থিতি অধিক জটিল হৈ পৰে।

সংঘৰ্ষৰ মাজতে দুয়োপক্ষৰ বহু লোক আহত হোৱাৰ খবৰ আহিছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ লাঠিচাৰ্জ কৰে, যাৰ ফলত এজন মহিলা গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

অন্যফালে, ক্ষুব্ধ উচ্ছেদিতসকলে প্ৰশাসনৰ দুখন বুলডজাৰ ভাঙি পেলায়। ইয়াৰ পাছতে আৰক্ষীয়ে অধিক কঠোৰ ভূমিকা গ্ৰহণ কৰে আৰু অঞ্চলটোত অধিক সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰে।

পৰিস্থিতি বৰ্তমানেও সংকটজনক অৱস্থাত থাকিলেও, আৰক্ষীয়ে জানিবলৈ দিয়ে যে অঞ্চলটোত পৰ্যাপ্ত নিরাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰিবলৈ সক্ৰিয়ভাৱে কাম চলি আছে।

Related Articles