বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ

আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হ’ল বিশ্বৰ অন্যতম ধনী ব্যক্তি বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ। ২৭ বছৰ সময় একেলগে অতিবাহিত কৰি অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰে গেটেছ দম্পতিয়ে । ৩ মাহ পূৰ্বে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল গেটেছ দম্পতিয়ে । বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱা হোৱাৰ পাছতে সমগ্ৰ বিশ্বত চৰ্চাৰ শীৰ্ষ স্থান লাভ কৰিছিল বিষয়টোৱে । ৱাশ্বিংটনৰ আইন অনুসৰি বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দাখিল কৰা আৰু তাক কাৰ্যকৰী কৰাৰ মাজত ৯০ দিনৰ অপেক্ষাৰ সময় নিৰ্ধাৰণ কৰা হয়। মে’ মাহত বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ হোৱাৰ পাছত গেটছৰ কেচকেড ইনভেষ্টমেণ্টৰ হাতত সাত বিলিয়নতকৈয়ো অধিক মূল্যৰ সম্পত্তি ফ্ৰেঞ্চ গেটছৰ নামলৈ স্থানান্তৰ কৰা হয়।৬৫ বছৰীয়া বিল গেটছৰ সম্পত্তিৰ মূল্য বৰ্তমান ১৫০ বিলিয়নতকৈও অধিক বুলি প্ৰকাশ পাইছে।

Related Articles