লিঅ’ এক্সপ’ত উপস্থিত হৈ অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে মন্ত্ৰী বিমল বৰাই।

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত হোৱা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ ট্ৰেড ফেয়াৰত অংশগ্ৰহণকৰে মন্ত্ৰী বিমল বৰাই।

বিগত সময়চোৱাৰ দৰে এইবাৰো লিঅ’ এক্সপ’ৰ প্ৰতি গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে। অসম চৰকাৰৰ প্ৰম’চন অৰ্গেনাইজেচনৰ সহযোগত, লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত আয়োজন কৰা এই ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’এক্সপ’ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।

এই অনুষ্ঠানে উদ্যোগী ব্যক্তিসকলক তেওঁলোকৰ থলুৱা উৎপাদন সামগ্ৰীসমূহক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ লগতে অসমৰ উদ্যমী যুৱক-যুৱতীসকলক ব্যৱসায়িকভাৱে সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এই বৃহৎ আয়োজন সাফল্যমণ্ডিত কামনা কৰাৰ লগতে উদ্যোক্তা সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপনকৰে মন্ত্ৰী বিমল বৰাই। এই এক্সপ ট্ৰেড ফেয়াৰ অহা ২১ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব ।

Related Articles