গুৱাহাটী, ৩ জুন:
Bimal Bora । অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি গুৱাহাটী মহানগৰীৰ বেতকুচিত নিৰ্মাণাধীন ইউনিটি মল (একতা মল) পৰিদৰ্শন কৰে। প্ৰায় ২৯৭ কোটি টকা ব্যয়ৰে নিৰ্মাণাধীন এই মলখনৰ ৭৫ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ পিছফালে গঢ়ি উঠি থকা এই মলটোৰ চাৰিমহলীয়া মূল গৃহখন ৩২১৫৯ বৰ্গমিটাৰ স্থানত নিৰ্মাণ কৰা হৈছে। ইয়াত বেছমেন্ট, ভূমি মহলা, আৰু ওপৰৰ চাৰিটা মহলা থাকিব।
মলটোৰ বিভিন্ন মহলাত থাকিবলগীয়া ব্যৱস্থা হৈছে:
- প্ৰথম মহলাত: ৩৬টা বাণিজ্যিক বিপণী
- দ্বিতীয় মহলাত: ৩৬খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰতিনিধিত্ব থকা বিপণী
- তৃতীয় মহলাত: অসমৰ ৩৫খন জিলাৰ সামগ্ৰী বিক্ৰীৰ বাবে ৩৫খন বিপণী
- চতুৰ্থ মহলাত: এখন আধুনিক ফুড কৰ্ট
নিয়মীয়া নিৰ্মাণ কৰ্মসূচীৰ অধীনত এন চি চি লিমিটেড নামৰ প্ৰতিষ্ঠানে ২০২৩ চনৰ জুন মাহত কাম আৰম্ভ কৰিছিল। প্ৰকল্পটোৰ নিৰ্মাণ ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰী বিমল বড়াই সাংবাদিকৰ আগত প্ৰকাশ কৰে। সকলো কাম সময়মতে সম্পূৰ্ণ হ’লে মলখন ডিচেম্বৰ মাহত জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰী বড়াই প্ৰতিটো মহলাত গৈ নিৰ্মাণ প্ৰক্ৰিয়া চালে আৰু সংশ্লিষ্ট বিষয়া আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতে মতবিনিময় কৰে। তেওঁ মলটোত উপলব্ধ হ’বলগীয়া সুবিধাসমূহৰ বিষয়ে পৰিপূৰ্ণ অৱগত হয়।
এই পৰিদৰ্শনত উদ্যোগ বিভাগৰ যুটীয়া সচিব তথা মন্ত্ৰী গৰাকীৰ বিশেষ কৰ্তব্য বিষয়া ৰাজীৱ থাপা, বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু লোক নিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

উল্লেখযোগ্য যে, মলটো সম্পূৰ্ণ হ’লে ৰাজ্যৰ কৃষি, হস্ততাঁত, হস্তশিল্প, খাদ্য প্রক্রিয়াকৰণ আদি খণ্ডৰ উৎপাদক আৰু শিল্পীসকলৰ বাবে এটি বৃহৎ বজাৰ মুকলি হ’ব, যাৰ জৰিয়তে অসমৰ স্থানীয় সামগ্ৰীৰ জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ-বিপণনৰ এক নতুন দিগন্ত আৰম্ভ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।