Bimal Bora । লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ

গুৱাহাটী,১৮জানুৱাৰী: Bimal Bora । ‘এডভেন্টেজ অসম ২.০’ৰ প্ৰচাৰ আৰু বিনিয়োগকাৰীক অসমলৈ আকৰ্ষিত কৰাৰ উদ্দেশ্যে লণ্ডনলৈ যোৱা ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই কালি বিনিয়োগ সন্মিলনৰ পূৰ্বে লণ্ডনৰ পাৰ্লিয়ামেন্ট স্কোৱেৰ গাৰ্ডেনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায়।


কালি মন্ত্ৰী বড়াই লণ্ডনৰ বাকিংহাম গেটৰ হোটেল চেন্ট জেমছত আয়োজিত বিনিয়োগকাৰীৰ সন্মিলন এখনত অংশ গ্ৰহণ কৰে।এই সন্মিলনত ব্ৰিটিছ বিনিয়োগকাৰী সকলক অসমৰ পেট্ৰলিয়াম, পৰ্যটন আদি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ সমূহত বিনিয়োগৰ বাবে আহ্বান জনায়। বিনিয়োগকাৰীৰে বাৰ্তালাপ কৰাৰ পিছত বড়াই ১০ কিং হেনৰিছ পথৰ আম্বেদকাৰ হাউছ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত উদ্যোগ মন্ত্ৰী গৰাকীক সংগ দিয়ে ক্ৰমে ৰাজ্যৰ বিশেষ মুখ্য সচিব চৈয়বদ্দিন আব্বাছী,উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, পৰ্যটন বিভাগৰ সচিব পদ্ম পানি বৰা আৰু উদ্যোগ মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কমল জ্যোতি ভূঞাই।

Related Articles