১২জুন:Bimal Bora । এডভান্টেজ অসম ২.০ত অসমত উদ্যোগ স্থাপনৰ বাবে বুজা বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা কিছুসংখ্যক ঔদ্যোগিক প্ৰস্তাৱৰ সন্দৰ্ভত আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ কাৰ্য্যলয় কক্ষত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।

উদ্যোগ স্থাপনৰ বাবে বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা উদ্যোগ প্ৰতিষ্ঠান সমূহৰ প্ৰস্তাৱ সমূহৰ কাৰিকৰী দিশ, উৎপাদনশীলতা,ঔদ্যোগিক স্হানৰ সূচলতা,ভূমি আৱন্টন,আন্ত:গাথনি উন্নয়ন, বিদ্যুৎ যোগান, ৰাজ্য চৰকাৰে আগবঢ়াব পৰা সুবিধা, নিয়োগৰ সুবিধা আদি বিষয় সমূহ বৈঠক খনত পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰা হয়।

উদ্যোগ বিভাগৰ বিশেষ সচিব ৰাকেশ আগৰৱালা, সচিব ড০লক্ষ্মণন এছ,ইন্দিৰা কলিতা, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙকে ধৰি উদ্যোগ বিভাগৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠক খনত এডভান্টেজ অসম ২.০ত ৰাজ্য চৰকাৰে লাভ কৰা প্ৰস্তাৱ সমূহৰ ওপৰত বিষদ পৰ্যালোচনাৰ জৰিয়তে ইয়াৰ কাৰ্যকৰী কৰণৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অসমৰ ঔদ্যোগিক বিকাশ আৰু ইয়াৰ ফলত সৃষ্টি হ’ব লগা নিয়োগৰ সুবিধাই ৰাজ্যখনৰ উন্নয়নৰ দিশত পেলাব পৰা সুদূৰ প্ৰসাৰী প্ৰভাৱৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয়। উদ্যোগ মন্ত্রী বড়াই বিভাগৰ বিষয়া সকলক এই দিশত সচেষ্ট হৈ কাম কৰাৰ বাবে বৈঠকত নিৰ্দেশ দিয়াৰ লগতে সঘনাই এই দিশত সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।