গুৱাহাটী, ২১জুন:’মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ অসম অভিযান ১. ০'(চিএম এএএ)ৰ অধীনত বিগত বৰ্ষত ধন লাভ কৰা নলবাৰী জিলাৰ উদ্যমী সকলৰে নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত আয়োজিত এক সভাত ৰাজ্যৰ উদ্যোগ, বাণিজ্য , ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই আজি এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। bimal bora

এই আঁচনিৰ অধীনত নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ৬১১গৰাকী উদ্যমীক ব্যৱসায় বাণিজ্য কৰি আত্ম নিৰ্ভৰ কৰি তোলাৰ বাবে সহযোগিতা আগবঢ়োৱা হৈছিল।
ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক ধীৰেশ্বৰ কছাৰীৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা সভাত উদ্যোগ মন্ত্রী বিমল বড়াই কেবাগৰাকীও উদ্যমীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ব্যৱসায়িক কামকাজৰ বুজ লয়।
এই আঁচনিৰ অধীনত ৰাজ্যত প্ৰথমবাৰৰ বাবে প্ৰথম কিস্তিৰ ধন লাভ কৰা হিতাধিকাৰী সকলৰ মাজত উপস্থিত হৈ উদ্যোগ মন্ত্রী বড়াই চৰকাৰে আগবঢ়োৱা ধনৰ সদ্যৱহাৰ হৈছে নে নাই সেয়া হিতাধিকাৰী সকলৰ পৰা অৱগত হয়।
এই আঁচনিৰ ধন লাভ কৰি
ছাগলী পালনেৰে আত্মনিৰ্ভৰ হোৱা টিহুৰ পৰমিতা দেৱীৰ সাফল্যৰ কাহিনীয়ে মন্ত্রী বড়াৰ লগতে সকলোকে আপ্লুত কৰে। মৎস্যপালনেৰে স্বাৱলম্বী শাৰীৰিক ভাৱে বাধাগ্রস্ত ইনামূল হকে এই আচনিয়ে কিদৰে জীৱনলৈ পৰিৱৰ্তন আনিলে প্ৰকাশ কৰে।এই ক্ষেত্ৰত তেওঁ সমুখীন হোৱা কেতবোৰ সমস্যা সমাধান কৰি দিয়াৰ বাবে মন্ত্রী বড়াই মঞ্চত উপবিষ্ট নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীক নিৰ্দেশ দিয়ে।

একেদৰে গাহৰি পালনেৰে আত্মনিৰ্ভৰ হবলৈ সক্ষম হোৱা
নিপুল ৰামচিয়াৰী, ইন্টাৰনেট কে ফে খুলি ব্যৱসায়িক উন্নতি লাভ কৰিবলৈ সক্ষম হোৱা এটি সন্তানৰ মাতৃ ভণীতা বৰকটকী, ফাৰ্মাচীৰ ব্যৱসায় আৰম্ভ কৰা ৰঞ্জন চৰকাৰ , কুকুৰা পালক দেবজিৎ শৰ্মা আদিৰ ব্যৱসায়িক উত্তৰণৰ কথাই উপস্থিত সকলোকে উৎসাহিত কৰে। দ্বিতীয় কিস্তিৰ ধন ৰাশি লাভ কৰিলে ব্যৱসায়ৰ আৰু অধিক শ্ৰীবৃদ্ধি ঘটাব পাৰিব বুলিও উদ্যমী সকলে মত প্ৰকাশ কৰে।
মন্ত্রী বড়াই মঞ্চৰ পৰা নামি উদ্যমী সকলৰ মাজলৈ গৈ ব্যৱসায় সন্দৰ্ভত তেওলোকৰ সৈতে কৰা মত বিনিময় আৰু কিছুমান ক্ষেত্ৰত নৱ উদ্যমী সকলৰ সমুখলৈ আহি পৰা প্ৰতিবন্ধকতা আতৰোৱাৰ দিশত সহায় কৰিবলৈ মন্ত্রী গৰাকীয়ে ইয়াৰ বাবে নিয়োজিত চিএম ফেলো সকলৰ লগতে উদ্যোগ বিভাগৰ বিষয়া সকলক প্ৰদান কৰা তাৎকালীন নিৰ্দেশো আছিল এই পৰ্যালোচনা সভাৰ উল্লেখ যোগ্য দিশ।
উদ্যোগ মন্ত্রী বড়াই মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম অভিযানৰ জৰিয়তে এক শক্তিশালী অৰ্থ নৈতিক ভেটি গঢ়াৰ লক্ষ্যৰ কথা উল্লেখ কৰি সকলোকে ব্যৱসায়িক কাম কাজেৰে চৰকাৰক বিশ্বাস জন্মাব পাৰিলেহে এনে আঁচনি সফলকাম হ'ব বুলি কয়।
উদ্যমী সকলক ব্যৱসায় কৰি চাকৰী প্ৰাৰ্থী হোৱাৰ বিপৰীতে চাকৰীপ্ৰদানকাৰীত পৰিণত হবলৈ আহ্বান জনাই মৎস্য পালন, গাহৰি পালন, ছাগলী পালনৰ লগতে ইয়াত মূল্য সংযোজন অৰ্থাৎ সংশাধিত খাদ্য হিচাপে ৰূপান্তৰ কৰাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
কুকুৰা পালনৰ লগতে ইয়াৰ খাদ্য উৎপাদনৰ ক্ষেত্রত আগবাঢ়ি আহিব লাগে বুলিও তেওঁ কয়।
যোৰহাটৰ এগৰাকী মহিলা মৌ পালকৰ সৃজনী মূলক চিন্তাৰ ফলত লাভ কৰা ব্যৱসায়িক সফলতাৰ উদাহৰণ ডাঙি ধৰি মন্ত্রী গৰাকীয়ে এই আঁচনি খনৰ সফল ৰূপায়ণে অসমৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে বুলি উদ্যমী সকলৰে মতবিনিময়ৰ সময়ত ব্যক্ত কৰে।এই ধনেৰে ব্যৱসায়ত উন্নতি কৰিব পাৰিলে ভবিষ্যতে তেওঁলোকে মুদ্ৰা ঋণৰ দৰে সুবিধা ল’ব পাৰিব বুলিও মন্ত্রী বড়াই কয়।
নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই অনুষ্ঠিত কৰা এই পৰ্যালোচনা সভাত অসম চৰকাৰৰ উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে ভাষণ প্ৰদান কৰি চৰকাৰে ব্যৱসায়িক কাম কাজেৰে আত্ম নিৰ্ভৰ হোৱাৰ বাবে যুৱচামলৈ আগবঢ়োৱা ধন ৰাশিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ব্যৱসায়ৰ ক্ষেত্ৰত সততা আৰু স্পষ্টটাৰ ওপৰত মন দিবলৈ উদ্যমী সকলক আহ্বান জনাই ইয়াৰ বাবে জিলা প্ৰসাশনৰ পিনৰপৰা সকলোধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে।
উল্লেখ্য যে ৰাজ্যৰ যুৱ চামক আত্ম নিৰ্ভৰ কৰিতোলাৰ লগতে ৰাজ্য খনত এক শক্তিশালী অৰ্থনৈতিক ভেটি গঢ়ি তোলাৰ উদ্যেশ্য আগত ৰাখি অসম চৰকাৰে বিগত বৰ্ষত 'মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম অভিযান' শীৰ্ষক আচনিখন আৰম্ভ কৰিছিল। যোৱা বছৰ ইয়াৰ বাবে ২৫হেজাৰ যুৱক যুৱতীৰ সামৰি লোৱা হৈছিল। ইয়াৰ জৰিয়তে ব্যৱসায়িক কাম কাজেৰে যুৱক যুৱতী সকলক আত্ম নিৰ্ভৰ হবলৈ দুই লাখ টকাকৈ আগবঢ়োৱাৰ ব্যবস্থা কৰা হৈছিল।
ইয়াৰে সাহায্য হিচাপে এক লাখ টকা আৰু বাকী এক লাখ টকা সুদবিহীন ঋণ হিচাপে প্ৰদানৰ ব্যবস্থা ৰখা হৈছে। এই এক লাখ টকা পাচ বছৰ পাছত ৬০টা কিস্তিত ওভোটাই দিব লাগিব। তদুপৰি পেশাদাৰী সকলৰ বাবে পাঁচ লাখ টকা আগবঢ়োৱাৰ ব্যবস্থা কৰা হৈছিল।*চলিত বৰ্ষতো ইয়াৰ অধীনত ৭৫হেজাৰ যুৱক যুৱতীক সামৰি লোৱা হ'ব।