গুৱাহাটী, ২৪ মে’ ২০২৫: Bimal Borah ।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে আয়োজিত “ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন”ৰ দ্বিতীয় দিনাত অনুষ্ঠিত এক গুৰুত্বপূর্ণ আলোচনা সত্ৰত অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বড়াই ৰাজ্যৰ বৰ্ণাঢ্য উদ্যোগ সম্ভাৱনাৰ কথা গভীৰভাৱে উজাগৰ কৰে।

মন্ত্রী বড়াই তেওঁলোকৰ ভাষণত অসমত নিৰ্মিত কাঁহৰ বাচনসমূহৰ জিআই (Geographical Indication) টেগ লাভ কৰাৰ উল্লেখ কৰি কয় যে এই উন্নয়নে ৰপ্তানি বাণিজ্যৰ দিশে নতুন দুৱাৰ খুলিছে। তেওঁ লগতে কয় — নেমুটেঙাৰ দৰে কৃষিজাত সামগ্ৰীৰ লণ্ডনলৈ ৰপ্তানি ইতিমধ্যে আৰম্ভ হৈছে, যিয়ে অসমৰ আঞ্চলিক উৎপাদনক বিশ্ববাজারত স্থায়ী স্থান দিব পাৰিব।

উল্লেখযোগ্যভাৱে, মন্ত্ৰী বড়াই অসমৰ চাহ, হাতে বোৱা বস্ত্ৰ, কৃষিজাত সামগ্ৰী আৰু হস্তশিল্প আদিৰ সম্ভাৱনীয় ৰপ্তানি ক্ষেত্ৰবোৰৰ ওপৰত আলোকপাত কৰি অসমৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত ইয়াৰ গুৰুত্ব দাঙি ধৰে।
এই আলোচনা সত্ৰত কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা লগতে ভাষণ প্ৰদান কৰি উত্তৰ-পূবৰ হাতে বোৱা বস্ত্ৰ শিল্পৰ চহকী পৰম্পৰা, ঐতিহ্য, আৰু বিশ্ববাজারত ইয়াৰ সম্ভাৱনীয়তা বিষয়ে মত ব্যক্ত কৰে। তেওঁ কয় –
“উত্তৰ-পূৱৰ থলুৱা বস্ত্ৰই দেশৰ ঐতিহ্য বহন কৰে। সঠিক পৰিকাঠামো, বিপণন আৰু নীতি-সহায়ৰ জৰিয়তে ইয়াক এক বিশ্বমানৰ বাণিজ্যিক সম্পদ ৰূপে গঢ়ি তোলা সম্ভৱ।”

অসমৰ চাহ উদ্যোগী প্ৰভাত বেজবৰুৱাই সাম্প্ৰতিক চাহ উদ্যোগৰ পৰিস্থিতি, ৰপ্তানিত মুখামুখি হোৱা চেলেঞ্জ আৰু সম্ভাৱনাৰ দিশত এক পৰিস্ফুট দৃষ্টিপাত কৰে।
এই আলোচনাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদও অংশগ্ৰহণ কৰি উত্তৰ-পূবৰ লগত কেন্দ্ৰীয় উদ্যোগ আৰু বিনিয়োগ নীতিৰ সংহতিৰ ওপৰত মত প্রকাশ কৰে।
উল্লেখযোগ্য যে এই দুদিনীয়া ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনত মন্ত্ৰী বিমল বড়াই বহু কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ-বিদেশৰ বিনিয়োগকাৰীসকলৰ সৈতে কেবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশ গ্ৰহণ কৰে। বৈঠকসমূহত তেওঁ অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ উদ্যোগ আৰু বাণিজ্যিক ক্ষেত্ৰত বিনিয়োগৰ সম্ভাৱনাৰ ওপৰত আলোচনা কৰে।
এই আলোচনাৰ জৰিয়তে ৰাজ্যখনৰ পৰম্পৰাগত আৰু আধুনিক উদ্যোগ একেলগে আগবাঢ়ি যোৱাৰ পথ উন্মোচন হৈছে বুলি মন্তব্য কৰিছে অংশগ্ৰহণকাৰীসকলে।