অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত নিৰ্মীয়মান হৈ থকা “বটদ্ৰৱা প্ৰকল্প” স্থলীত আজি বিয়লি সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত হয়। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত ১৮৮ কোটি টকা ধনৰ আবন্টনত নিৰ্মাণ হৈ থকা প্ৰকল্পস্থলীত উপস্থিত হৈ বোকা পানী গচকি নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰে। যোৱা ৮ জুনত অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত বটদ্ৰৱা প্রকল্প” ৰ কামকাজ তৰান্বিত কৰা আৰু নিৰিক্ষণৰ দ্বায়িত্ব প্ৰদান কৰিছিল সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাক। প্ৰতি মাহত পুংখানুপুংখ ভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়াৰ পিছত আজি প্ৰথমবাৰৰ বাবে মন্ত্ৰী গৰাকীয়ে গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই কয় – “অসমৰ সমাজ জীৱনৰ কাৰনে গুৰুজনাৰ আশীষ অতুলনীয়। ৩ কোটি ৫০ লাখ জনসাধাৰণে সমাজ, জীৱন, কৃষ্টি সংস্কৃতি, ৰীতি নীতি, এই গোটেই খিনি গুৰুজনাৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ অমৃত সোঁৱৰণত তেখেতৰ জন্মস্থান বটদ্ৰৱাত অসমীয়া ৰাইজৰ অনুভৱ, উপলব্ধি, আশা আকাংক্ষা খিনি হৃদয়ংগম কৰি এই প্ৰকল্প নিৰ্মাণৰ কৰিবলৈ আগবাঢ়িছো। আৰু আমাৰ চৰকাৰে দায়বদ্ধতাৰে অতি আন্তৰিকতাৰে ভক্তি ভাবেৰে এই কাম কাম আগবঢ়াই নিবৰ বাবে ইতিমধ্যে ঠিৰাং কৰিছো। ইতিমধ্যে আমাৰ চৰকাৰৰ সদিচ্ছাৰ কথা অসমীয়া ৰাইজে গম পাইছে। ২০২২ চনৰ ২১ এপ্ৰিলৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠাৰ কাৰনে বিভাগ সমুহক চৰকাৰী নিৰ্দেশনা দিছে।” মন্ত্ৰী বিমল বৰাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বৰঠাকুৰ, সঞ্চালক ঠাকুৰীয়াক লগত লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা তথা বিষয়ববীয়া সকলক লগতো প্ৰকল্পস্থলীত কামকাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়। ইফালে অসমত চিনেমাগৃহ বন্ধ হৈ পৰা সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে এইয়া আমাৰ বাবে দুভাৰ্গ্য জনক। চলচ্চিত্ৰ জগতৰ কল্যাণৰ বাবে আমাৰ চৰকাৰে পৰবৰ্তী সময়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। লগতে শিল্পী সকলৰ বাবেও অনাগত দিনত সুখবৰ আহিব বুলিও মন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।

